বাকচুত মুকলি বিহু: পৰেশ মহন্তলৈ "বাকচু সৌৰভ" উপাধি

 04/17/2019 - 15:47

ডিজিটেল ডেস্ক: শিৱসাগৰৰ বাকচুত যোৱা ১৪ এপ্ৰিলত অঞ্চলটোৰ যুৱ সমাজৰ উদ্যোগত মুকলি বিহু অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলনৰ পিছতে কণী যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মুখ্য ব্যৱস্থাপক জিতুজ্যোতি গায়নে আঁত ধৰা অনুষ্ঠানটোত বিয়লি হুঁচৰিৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে সাংবাদিক প্ৰদীপ গগৈয়ে।

উদ্বোধন কৰি সাংবাদিকগৰাকীয়ে ৰঙালী বিহু অসমীয়াৰ প্ৰাণস্বৰূপ বুলি উল্লেখ কৰি এচামে সম্প্ৰতি বিহুকো অধিক বাণিজ্যিকীকৰণ কৰাটো অতি পৰিতাপৰ বিষয় বুলি মন্তব্য কৰে। লগতে বৰ্তমান ব'হাগ বিহু কি সেই বিষয়ে ছাত্ৰ ছাত্ৰীক শিক্ষানুষ্ঠানত সুকীয়াকৈ ক্লাছ লৈ বুজাবলগীয়া পৰিস্থিতি উদ্ভৱ হোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

বিহু কি ঘৰখন, গাঁৱখনৰ পৰাই ল'ৰা ছোৱালীয়ে শিকিছিল যদিও আজিকালি পুৰাতন স্বকীয়তা লোপ পাবলৈ ধৰাত বিদ্যালয়ত বুজাবলগীয়া হৈছেগৈ বুলি মন্তব্য কৰে। ইয়াৰোপৰি, ব'হাগ বিহু জেঠলৈ নি বিহুৰ চৰিত্ৰ নষ্ট কৰাটো অনুচিত বুলিও তেওঁ ব্যক্ত কৰে। উদ্বোধনী অনুষ্ঠানত সমল ব্যক্তি হিচাবে ব্ৰজেন ফুকন, ভাস্কৰ বকতিয়াল, অভিজিৎ বৰপাত্ৰগোঁহাই উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচী শুভাৰম্ভ কৰে বিশিষ্ট শিক্ষাবিদ অনুপ গগৈয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে ক্ৰীড়া সংগঠক টুটু ফুকন, সমাজকৰ্মী আকাশ দূৱৰী। ইপিনে উক্ত অনুষ্ঠানতে বিশিষ্ট সাংস্কৃতিক কৰ্মী পৰেশ মহন্তক 'বাকচু সৌৰভ' উপাধি প্ৰদান কৰাৰ উপৰি সাংস্কৃতিক কৰ্মী জিতু বৰা, বিশ্বজিৎ গগৈ আৰু অসমৰ আগশাৰীৰ খেলুৱৈ হেপ্পী গগৈক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানৰ আঁত ধৰে মনোজ কোঁৱৰ আৰু মুনমী বৰুৱাই। বাকচুত অনুষ্ঠিত মুকলি বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানত মিচিং জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।