পদপথত হাৰমনিয়ামলৈ চনু নিগম! ১২টকা ভিক্ষা দিলে কোনে?

 11/23/2019 - 12:14

নিউজ ডেস্কঃ ব্যস্ত ৰাজপথ আহিছে মানুহ গৈছে মানুহ। সকলো ব্যস্ত কোনো কাৰো ফালে চাবলৈ সময় নাই। সকলো নিজক লৈ ব্যস্ত। মুম্বাইৰ কোনো এটা অঞ্চলৰ দৃশ্য। এটা দিশৰ পৰা ভাঁহি আহিছে এটা সুৰীয়া গীত। এক মায়াবী কণ্ঠ। এগৰাকী পদপথৰ শিল্পীয়ে এনেকৈ সুৰৰ লহৰ তুলিছে পদপথত। এটাৰ পিছত আন এটা জনপ্ৰিয় গীতৰ কলি।

ৰাজপথেৰে পাৰ হৈছে বহু মানুহ। কোনোৱে পদপথৰ শিল্পীজনৰ সুৰীয়া কণ্ঠৰ যাদুত এবাৰ ৰৈ যাবলৈ বাধ্য হৈছে। এটা সময়ত বহু মানুহ গোট খালে। আগুৰি ধৰিলে মানুহজনক। তেনে সময়তে এজন যুৱকে আহিছে পদপথৰ শিল্পীজনক হাত মিলাবলৈ বিচাৰিলে। মানুহজনৰ প্ৰতি সহানুভূতি আগবঢ়ালে 'আপুনি কিবা খালে নে' এটকা দুটকাকৈ ১২ টকা পালে শিল্পীজনে। তাৰ পিছত সেই ঠাই ত্যাগ কৰিলে মানুহজনে। আচলতে এই যাদুকৰী কণ্ঠৰ গৰাকীজন হ’ল বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম।

চনু নিগমে এইদৰে দাড়ি লগাই পদপথৰ শিল্পীৰ ৰূপত নিজক কিছু সময় পৰীক্ষা কৰিছিল। পদপথৰ শিল্পীক সমাজে কিদৰে আদৰ দিয়ে তাক পৰীক্ষা কৰিছে চনু নিগমে। চনু নিগমে পদপথত গান গাই পোৱা ১২ টকাটো এইদৰে সংৰক্ষণ কৰি ৰাখিলে। এনেকৈ এই সময় খিনিৰ অভিজ্ঞতাৰ কথা কলে চনু নিগমে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।