ভোটাৰ তালিকাত নাম কৰ্তন: লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ

 04/17/2019 - 16:59

খাৰুপেটীয়া: আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে দৰঙৰ প্ৰায় পাঁচ শতাধিক ভোটাৰে। স্থায়ীভাৱে বসবাস কৰি অহা গাওঁখনৰ ভোটাৰ তালিকাত নাম নথকাৰ বাবে আতংকিত হৈছে ভোটাৰসকল। বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিচতো কোনো গুৰুত্ব নিদিয়াৰ বাবে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে অঞ্চলটোৰ ভোটাৰসকলে।

জানিব পৰা মতে, দলগাওঁ সমষ্টিৰ অন্তৰ্গত ৫নং বৰুৱাঝাৰ গাঁৱৰ ৫ শতাধিক ভোটাৰে দলগাওঁ খুটি গাঁৱৰ ভোট কেন্দ্ৰত বছৰ বছৰ ধৰি ভোটদান কৰি আহিছে যদিও এইবাৰ লোকসভা নিৰ্বাচনৰ ভোটাৰ তালিকাত খুটিগাওঁৰ পৰিৱৰ্তে আন এখন গাঁৱৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাত এক চাঞ্চল্যৰ সৃষ্টি হৈছে।

আনহাতে, বছৰ বছৰ ধৰি ভোট দিয়াৰ পিচতো নতুনকৈ ওলোৱা ভোটাৰ তালিকাত কিছুমান ভোটাৰৰ বিপৰীতে ''Deleted'' বুলি লিখা আছে। এই সম্পৰ্কত নুৰ ইছলামে কয় যে, সংখ্যালঘু লোকসকলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাটো চৰকাৰৰ এক ষড়যন্ত্ৰ।

নিৰক্ষৰ তথা ভাৰতীয় নাগৰিকক পাকচক্ৰত পেলাই চৰকাৰে তেওঁলোকক শোষণ কৰি আছে, গতিকে ইয়াৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী তুলিছে বিভিন্ন সংগঠনৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম সংখ্যালঘু জাতীয় পৰিষদৰ দৰঙ জিলা সমিতিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।