ভুৱা নথি পত্ৰৰে চলিছে ৰাজ্যৰ সমাজ কল্যাণ বিভাগ

 04/17/2019 - 17:28

হাটশিঙিমাৰী: দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাৰ মানকাচৰৰ জাঙাল সংহত শিশু উন্নয়ন প্ৰকল্পৰ ১৫৪ নং অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী ফাতেমা খাতুনে ভুৱা নথি পত্ৰৰে চাকৰি লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সচেতন নাগৰিক জাফৰ আলীয়ে। প্ৰাপ্ত অভিযোগ মতে, ফাতেমা খাতুনৰ আচল নাম হ'ল তৈয়বা খাতুন।

কিন্তু তৈয়বা খাতুনৰ কোনো শিক্ষাগত অৰ্হতা নথকাত তাইৰ নিজা ভনীয়েক ফাতেমা খাতুনৰ শিক্ষাগত অৰ্হতাৰ নথিপত্ৰ ফটোকপি কৰি সেই সময়ত ৰাজনৈতিক নেতাৰ আশীৰ্বাদত চাকৰি লৈছিল। উল্লেখ্য যে, ২০১১ চনৰ ভোটাৰ তালিকা অনুযায়ী ২৯৯ বৰাইৰ আলগা গাওঁৰ ৩৯ নং খণ্ডৰ ৫৯ নং ক্ৰমিকৰ ঘৰ নং ২৬ ত কৰ্মীগৰাকীৰ আচল নাম তৈয়বা খাতুন আৰু স্বামী জীয়া উদ্দিন আহমেদ আছিল। চাকৰি পোৱাৰ পূৰ্বে কৰ্মীগৰাকীৰ সকলো নথি পত্ৰ তৈয়বা খাতুন আছিল।

কিন্তু চাকৰি পোৱাৰ পিছত তৈয়বা খাতুনৰ স্বামীয়ে অসৎ উপায়ে কৰ্মীগৰাকীৰ সকলো নথিপত্ৰ ফাতেমা খাতুন নামেৰে প্ৰস্তুত কৰাত জাঙুৰ খাই উঠিছে সচেতন মহল। অভিযোগকাৰীয়ে জানিব দিয়া মতে, তৈয়বা খাতুনৰ ভনীয়েক ফাতেমা খাতুন ২০১৭ বৰ্ষৰ ভোটাৰ তালিকা অনুযায়ী গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ গোসাঁইডুবিৰ বাসিন্দা আৰু তাইৰ স্বামীৰ নাম আয়নাল হক। 

আনহাতে, জালিয়াতি নথি পত্ৰৰে চাকৰি লাভ কৰা ফাতেমা খাতুনৰ বিৰুদ্ধে সেই অঞ্চলৰ সচেতন ৰাইজ জাফৰ আলীয়ে ইয়াৰ সঠিক তদন্ত ক্ৰমে আইনগত ব্যৱস্থা ল'বলৈ জিলা উপায়ুক্ত আৰু ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰীক লিখিত অভিযোগ দিয়ে। 

মন কৰিবলগীয়া যে, দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দি গাদী দখল কৰা সৰ্বা চৰকাৰ তথা প্ৰশাসনে ইয়াৰ সঠিক তদন্ত কৰি প্ৰকৃততে ঘটনাটোৰ আঁৰত কি ৰহস্য লোকাই আছে সেয়া পোহৰলৈ আনিব পাৰিব নে নাই এয়া পৰৱৰ্তী সময়ত হে হ'ব লক্ষণীয়। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।