তামুলপুৰত দোকানে দোকানে ভোট ভিক্ষা চিপিআইএমৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ

 04/17/2019 - 19:43

তামুলপুৰঃ অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিত চিপিআইএম দলে ব্যাপক নিৰ্বাচনী তৎপৰতা অৱলম্বন কৰিছে। আজি চিপিআইএমৰ প্ৰাৰ্থী বিৰাজ ডেকাই বাক্সা জিলাৰ নাওকাটা, বাঙালীপাৰা, তামুলপুৰ মটঙা চক, ঘগ্ৰাচক, পুৰাণ চক, কুমাৰীকাটাত পথসভা অনুষ্ঠিত কৰাৰ লগতে দোকানে দোকানে ভোট ভিক্ষা কৰি প্ৰচাৰ চলায়।

যুৱ প্ৰাৰ্থী বিৰাজ ডেকাই এইবাৰ লোকসভা নিৰ্বাচনত বিপুল ভোটত জয়ী হ’ব বুলি দাবী কৰিছে। লোকসভা নিৰ্বাচনৰ এইবাৰ চিপিআইএম দলৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ তিনিটা মূল লক্ষ্য হ’ল কোকৰাঝাৰ লোকসভা সমষ্টিত বড়ো-অবড়োৰ ৰাজনীতি নকৰে কেৱল কোকৰাঝাৰ লোকসভা সমষ্টিৰ সকলো জাতি-ধৰ্মৰ সম্পত্তি আৰু জীৱনৰ নিৰাপত্তাৰ সতে যুঁজ, নিবনুৱা সমস্যা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সামগ্ৰিক উন্নয়ন সু-নিশ্চিত কৰা বাবে চিপিআইএম দলে মাত মাতি আহিব।

লগতে প্ৰাৰ্থীগৰাকীয়ে জানিবলৈ দিয়ে যে এইবাৰ ৫ নং লোকসভা সমষ্টিত বিপিএফ দলৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ’ব। কোকৰাঝাৰ লোকসভা সমষ্টিটো বৈচিত্ৰময় সমষ্টি। য’ত সকলো ৰাইজে সমৰ্থন কৰিব তাত সেইজন প্ৰাৰ্থীয়ে জয়ী হ’ব বুলি তেওঁ মন্তব্য কৰে। চিপিআইএমৰ প্ৰাৰ্থীগৰাকীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াক এজন ব্যৰ্থ সাংসদ বুলি অভিহিত কৰি কটাক্ষ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।