টীয়কত অসম্ভৱকো সম্ভৱ কৰা এজন বিশেষ যুৱক

 11/24/2019 - 18:04

টীয়কঃ মাতৃক ব্লেক মেইল কৰিবলৈ ব্যৱহৃত হোৱা এখন ব্লেড আৰু টিউৱ লাইট আজি চৰ্চাৰ বিষয়৷ টীয়কৰ জগদুৱাৰ সোণাৰি গাঁৱৰ মানস বৰদলৈৰ ভাল লগা কামবোৰ আনতকৈ পৃথক৷ চুইংগাম চোবাই ভাল নাপাই৷ ব্লেড আৰু টিউব লাইট চোবাইহে ভাল পাই মানস বৰদলৈয়ে৷ এতিয়া ঘৰত টিউব লাইট নাথাকে৷ এইজনাই খাই পেলাই৷ অবিশ্বাস্য যেন লাগিলেও এইয়াই সত্য৷ সকলোৰে বাবে অসম্ভৱ ১২০ বাৰ এক মিনিটত জিভাত ব্লেড ঘুৰোৱাটো৷ অসম্ভৱকো সম্ভৱ কৰা মানস বৰদলৈয়ে এইবাৰ কৰি দেখুওৱাইছে এই বিস্ময় কৰ্ম৷ মাতৃয়ে সৰুতে নপঢ়োতে পিতিলে ব্লেড খাই দিম বুলি ভয় খুৱাই পিটন খোৱাৰ পৰা সাৰিছিল মানসে৷ লগতে ঘৰত থকা টিউব লাইট বোৰো খাই দিছিল৷  তেতিয়াৰ পৰা কৰা সেই সাধনা ই এতিয়া মানস বৰদলৈৰ সমনীয়া সকলৰো মনোৰঞ্জনৰ বিষয়৷ টাইলছ বোৰ মূৰতে ভাঙে মানস বৰদলৈয়ে৷ আৰু বহু নকৰিবলগীয়া কাম কৰি ভাল পাই মানস বৰদলৈয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।