চিৰাঙৰ বিজনীত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

 04/17/2019 - 19:58

বিজনীঃ চিৰাং জিলাৰ বিজনী চহৰত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়৷ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিজনী জিলা বিপিএফ, জিলা অগপ আৰু বিজনী মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত আৰু বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীৰ পৌৰহিত্যত অনুষ্ঠিত জনসভাত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিটিচিৰ চাৰিখন জিলাতে নিৰাপত্তা সুনিশ্চিত কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

তেওঁ কয়, বিটিচি এলেকাত পূৰ্বতে মানুহ আহিবলৈ ভয় কৰিছিল৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশ্বাসত বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী সহযোগত এতিয়া বিটিচিত শান্তিৰ পৰিৱেশ ঘূৰি আহিছে৷ বিটিচিৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানকে ধৰি অন্য পৰ্যটন ক্ষেত্ৰত পৰ্যটকৰ আগমন ঘটিছে৷

মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰি থকা জনসাধাৰণৰ উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে ব্যক্ত কৰি ৰাইজক এই আঁচনিৰ স'তে জড়িত হৈ গ্ৰহণ কৰাৰ আহ্বান জনোৱাৰ লগতে মিত্ৰজোঁটক শক্তিশালী কৰিবলৈ আহ্বান জনায়৷ এইবাৰো নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে বিভিন্ন জাতি-গোষ্ঠীৰ মিলন ভূমি কোকৰাঝাৰ লোকসভা সমষ্টিত উন্নয়ন কৰাৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়৷

নিৰাপত্তা আৰু উন্নয়নৰ মান-মৰ্যাদা ৰাজ্য চৰকাৰৰ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ল'গান 'সৱকা সাথ, সৱকা বিকাশ'৷ গতিকে সকলোৰে উন্নয়ন হ'ব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে ভাষণত ব্যক্ত কৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, যিহেতু কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হ'ব অন্য প্ৰাৰ্থীক নিৰ্বাচিত কৰিলে লাভ নহ'ব৷ তেওঁলোকে একো কৰিব নোৱাৰে৷

তেওঁ বিজনী বিধানসভা সমষ্টিৰ প্ৰায় ডেৰ লাখ ভোটৰ ভিতৰত একলাখ ভোট প্ৰদানৰ বাবে সভাত আহ্বান জনায়৷ নিৰ্বাচনী সভাত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই অসমৰ জাতি-গোষ্ঠীৰ উন্নয়ন, সমন্বয়ৰ বাবে কোকৰাঝাৰত দীৰ্ঘকালৰ বিধায়ক, মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু বৰপেটাত ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসক সমৰ্থন জনাই জয়ী কৰিবলৈ আহ্বান জনায়৷

সভাত বিপিএফৰ সভাপতি তথা বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু বিপিএফৰ জ্যেষ্ঠ নেতা বিশ্বজিত দৈমাৰীয়েও বিটিচিত উন্নয়নৰ স্বাৰ্থত দলীয় প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মক ভোট দি বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজলৈ আহ্বান জনায়৷ সভাত অগপৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীসহ কেইবাজনো নেতা উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।