ৰঙালীৰ ৰঙত মতলীয়া সীমান্তত নিয়োজিত জোৱানসকল

 04/17/2019 - 20:24

সৰুপথাৰঃ চৌদিশ এতিয়া মতলীয়া ৰঙালীৰ ৰং আনন্দত৷ হেঁপাহৰ ৰঙালী বিহুৰ ৰং লাগিছে প্ৰতিজন অসমীয়াৰ গাত৷ ঢোল, পেঁপাৰ মাতত ৰৈ থাকিব পৰা নাই সীমান্তৰ প্ৰহৰীৰূপে কৰ্তব্যৰত সামৰিক বাহিনীৰ জোৱানসকলো৷ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বিবদমান অসম নগালেণ্ড সীমান্তত নিয়োজিত সশস্ত্ৰ সীমা বল (SSB)ৰ জোৱানসকলো মতলীয়া হৈ পৰিছে ৰঙালীৰ ৰঙত৷

বিহুৰ সময়ত ঘৰৰ পৰা, আপোনজনৰ পৰা আঁতৰি সীমান্তত নিয়োজিত এচএচবিৰ অসমীয়া জোৱানসকলক বিহুৰ আমোদ দিয়াৰ উদ্দেশ্যে মহকুমাটোৰ গন্ধকৰৈ গাঁৱৰ বিহু দলটোৱে বিহু পৰিৱেশন কৰে SSBৰ ৬৮ নং বেটেলিয়নৰ চেতীয়াগাঁও শিবিৰৰ অন্তৰ্গত ৰোমানবস্তিৰ কেম্পত৷

বাপতিসাহোন ব’হাগৰ বিহুটোত নিজৰ ঘৰখনৰ লগতে আপোনজনৰ পৰা আঁতৰি অসম নগালেণ্ড সীমান্তৰ অতি স্পৰ্শকাতৰ এলেকাত অৱস্থিত এই শিবিৰটোত কৰ্তব্যৰত অসমীয়া জোৱানসকলে ৰঙালীৰ বতৰত বিহু দলটো পাই বিহু নৃত্যত আপোন পাহৰা হৈ পৰে৷ ঢোল-পেঁপাৰ মাতত ৰব নোৱাৰি অসমীয়া জোৱানসকলৰ সমানেই বিহু নৃত্যত ভাগ লয় শিবিৰটোৰ আন আন জোৱানসকলেও৷

গাত সামৰিক পোছাক, কান্ধত বন্দুক লৈ বিহু নৃত্য কৰে ৰোমানবস্তিৰ এচএচবি শিবিৰৰ জোৱানসকলে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।