নগাঁওত ইভিএম মেচিনৰ বিসংগতিৰ ফলত পলমকৈ ভোটগ্ৰহণ সম্পন্ন

 04/18/2019 - 12:05

লাহৰীঘাট: ১০নং নগাঁও লোকসভা সমষ্টিৰ মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰডোবাটোপ গাওঁ পঞ্চায়তৰ ১০ নং খণ্ডৰ ভোট কেন্দ্ৰত ভোটাৰৰ মাজত হাহাকাৰ ই ভি এম মেচিনৰ বিসংগতিৰ বাবে প্ৰায় ডেৰ ঘন্টা পলমকৈ অনুষ্ঠিত হয় ভোটদান প্ৰক্ৰিয়া।

পুৱা ৫ বজাৰেপৰাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বহু দূৰ-দূৰণিৰ পৰা অহা ভোটাৰসকলে প্ৰখৰ ৰ'দত শাৰীত থিয় হৈ থাকিবলগীয়া হোৱাত ভোটাৰসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত ই ভি এম মেচিনৰ বিসংগতি আঁতৰাই আৰম্ভ কৰে ভোট গ্ৰহণ প্ৰক্ৰিয়া।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।