ৰঙিয়াটো বিকল ইভিএম

 04/18/2019 - 12:23

ৰঙিয়া: আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হোৱা লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানত ৰঙিয়াত ভোটাৰৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে। নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া সময়মতে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ল যদিও অধিকাংশ ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হোৱাত ভোটাৰসকল সমস্যাত পৰা দেখা গৈছে।

বিশেষকৈ ৰঙিয়াৰ ৰঙিয়া খন্দিকৰত এটা ইভিএম বিকল হোৱাৰ উপৰিও ধুলাবড়ি ছোৱালী এম ই স্কুল ভোটকেন্দ্ৰ, ধুলাবড়ি এল পি স্কুল ভোটকেন্দ্ৰ, কাউৰবাহা ভোটগ্ৰহণ কেন্দ্ৰত, ৰঙিয়াৰ কনিহা এম ভি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত, পিবি কনিহা হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰ, ৰঙিয়া বেছিক ট্ৰেইনিং ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম কিছু সময়ৰ বাবে বিকল হয়।

অবশ্যে কিছু সময়ৰ পিচত পুনৰ ইভিএমসমূমুহ ঠিক হোৱাত ভোটগ্ৰহণ আৰম্ভ হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।