ধুবুৰীত আৰ কে প্ৰডাকচনৰ চমক: মুক্তিৰ পথত প্ৰডাকচনটোৰ একাধিক ছবি

 04/18/2019 - 12:43

ওছমান গনি: পশ্চিম অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ সাধাৰণ ঘৰৰ এজন যুৱকৰ প্ৰতিভাক শেহতীয়াভাৱে ভূয়সী প্ৰশংসা কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বহুজনে। উল্লেখ্য যে, বিলাসীপাৰা মহকুমাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টিলাপাৰা অঞ্চলৰ ধনিৰুদ্দিন শ্বেখৰ পুত্ৰ ৰাহিমুল খানৰ প্ৰতিভাই এক প্ৰকাৰৰ আলোড়নৰ সৃষ্টি কৰিছে ধুবুৰী জিলাৰ লগতে ওচৰ চুবুৰীয়া জিলাসমূহত।

স্মৰ্তব্য যে যুৱকজনক কিছু দিন আগত টিলাপাৰা অঞ্চলৰ একাংশই যথেষ্ট ইতিকিং কৰা পৰিলক্ষিত হৈছিল। কিন্তু সেইজন যুৱকৰ প্ৰতিভাৰ ওচৰত বৰ্তমানে হাৰ মানিছে টিলাপাৰা অঞ্চলবাসীয়ে। সিনেমাটোগ্রাফাৰৰ কৰ্মৰে জীৱন যাত্ৰা আৰম্ভ কৰিছিল খানে। প্ৰাৰম্ভিক সময়ত তেওঁ সফলতাৰ বিপৰীতে কিছু পৰিমাণে বিফলহে হৈছিল। পিছত তেওঁৰ বিফলতাকলৈ বহুতেই বিভিন্ন ধৰণৰ কটু মন্তব্য কৰা পৰিলক্ষিত হৈছিল। 

কিন্তু ঋণাত্মক কথাত কাণসাৰ নিদিয়াকৈ খানে নিজ গন্তব্য স্থানত যাবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছিল। দুখীয়া ঘৰ আৰু অনুন্নত তথা এক প্ৰকাৰৰ পিছপৰা অঞ্চলত জন্মগ্ৰহণ কৰা খানে বৰ্তমান ধুবুৰী জিলাৰ লগতে পশ্চিম অসমৰ বিভিন্ন স্থানত এজন জনপ্ৰিয় সিনেমাটোগ্রাফাৰ হিচাপে সুনাম লাভ কৰিবলৈ সক্ষম হৈছে। খানক তেওঁৰ কামত পৰ্যাপ্ত পৰিমাণে সহানুভূতি, সহায় আৰু দিহা পৰামৰ্শ আগঢ়াইছে জনপ্ৰিয় কৰিওগ্ৰাফাৰ সঞ্জু সৰকাৰে। খানৰ জনপ্ৰিয়তা পূৰ্ণ গতিত বৃদ্ধিৰ সময়ত ৰাহিমুল খানে তেওঁৰ নামৰ লগত সংগতি ৰাখি আৰ কে প্ৰডাকচনৰ নামেৰে এটা ইউটিউব চ্যানেল মুকলি কৰে।

বৰ্তমানলৈকে প্ৰডাকচনটোৱে প্ৰায় দহখনকৈ পূৰ্ণ দৈৰ্ঘৰ ছবি গোৱালপৰীয়া, বাংলা, ছাদ্ৰী (আদিবাসী) আৰু চাঁওতালি ভাষাত প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ প্ৰডাকচনটোৰ মন কেনে বুজেনা টু (বাংলা), হিৰো (আদিবাসী), আমা ইস্কৰে (চাঁওতালি) নামৰ ছবি মুক্তিৰ পথত আছে।

প্ৰডাকচনটোৱেই বৰ্তমানলৈকে মিউজিক এলবাম বাংলা, অসমীয়া, গোৱালপৰীয়া, ইংৰাজী, ছাদ্ৰী, চাঁওতালি, হিন্দী আদিত প্ৰায় শতাধিকৰ অধিক প্ৰকাশ কৰিছে বুলি এক সাক্ষাৎকাৰত জানিবলৈ দিছে।

প্ৰডাকচনটোৱে পূৰ্ণ দৈৰ্ঘৰ ছবিৰ লগতে মিউজিক এলবামবোৰৰ শ্বুটিং অসম, ঝাৰখণ্ড, পশ্চিম বংগ, ভুটান, মেঘালয়, ছিকিম, মুম্বাই আদি স্থানত কৰিছে বুলি জানিব পৰা গৈছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।