দলগাওঁটো ইভিএম বিকলৰ ঘটনা

 04/18/2019 - 13:01

দলগাওঁ: ৰাজ্যত আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱাৰে পৰা বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰৰ শাৰী পৰিলক্ষিত হৈছে। তাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটি হৈছে ইভিএম বিকলৰ ঘটনা।

দলগাওঁ সমষ্টিৰ ছকৰাবস্তিৰ ১৩১ আৰু ১৩২ নম্বৰৰ দুটাকৈ চেণ্টাৰত ইভিএম বিকলৰ ঘটনা সংঘটিত হৈছে। ৮ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দলগাওঁ সমষ্টিৰ ছকৰাবস্তিৰ ১৩১ আৰু ১৩২ নম্বৰৰ দুটাকৈ চেণ্টাৰত ইভিএম বিকল।

ভোটগ্ৰহণ ব্যাহত হোৱাত ৰাইজৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।