পঞ্চম দিনাও সন্ধান নোলাল প্ৰবাল হাজৰিকাৰ

 04/18/2019 - 13:30

উত্তৰ গুৱাহাটী: গৰু ধুৱাবলৈ গৈ উত্তৰ গুৱাহাটীৰ মেধাৱী ছাত্ৰ ব্ৰহ্মপুত্ৰত নিখোজ হোৱা আজি পাচঁ দিন সম্পূৰ্ণ হ'ল। গৰু বিহুৰ দিনাই উত্তৰ গুৱাহাটীত এক শোকাৱহ দুৰ্ঘটনাত ব্ৰহ্মপুত্ৰত গৰু ধুৱাবলৈ গৈ প্ৰবাল হাজৰিকা নামৰ ছাত্রজন নিখোজ হৈছিল। দেউতাক অজয় হাজৰিকাক (তনুজ) জীৱিত অৱস্থাত উদ্ধাৰ কৰিছিল স্হানীয় ৰাইজে। নিখোজ হোৱা অজয় হাজৰিকা গুৱাহাটী পানবজাৰৰ শংকৰদেৱ একাডেমিৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিল। ছাত্ৰজনে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

আজি শংকৰদেৱ শিশু নিকেতনৰ প্ৰাৰ্থনা গৃহত আচাৰ্য আচাৰ্য্যা আৰু ছাত্ৰ ছাত্ৰীসকলে মেধাৱী ছাত্ৰগৰকীৰ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। লগত শোকগ্ৰস্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। সভাত পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে প্ৰবালৰ স্মৃতি যুগমীয়া কৰাৰ বাবে নিকেতন পৰিচালনা সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে। প্ৰধান আচাৰ্য উৎপল তালুকদাৰে প্ৰবালৰ দৰে মেধাৱী ছাত্ৰ এজন একালতে হেৰুৱাটো সমাজৰ বাবে অত্যন্ত বেদনাদায়ক বুলি ব্যক্ত কৰে।

তেওঁ ছাত্ৰ ছাত্ৰীসকলক সুৰক্ষাৰ ক্ষেত্ৰত লবলগীয়া সাৱধানতা সম্বন্ধীয় দিশবোৰৰ কথাও উল্লেখ কৰে। আচাৰ্য্যা মাফিদা বেগমে স্বৰচিত কবিতাৰে ছাত্ৰগৰাকীৰ নিখোজ হোৱাৰ বেদনা দাঙি ধৰাৰ প্ৰয়াস কৰে। সভাত প্ৰাক্তন ছাত্ৰ অৰুনাভ হাজৰিকাই প্ৰবাল হাজৰিকাই এজন অগ্ৰজ হিচাপে অনুজসকলক শিক্ষা, সাংস্কৃতিক সকলো ক্ষেত্ৰতে মাৰ্গদৰ্শন কৰিছিল বুলি উল্লেখ কৰে। প্ৰবাল হাজৰিকাই ছাত্ৰ ভাৰতীৰ সভাপতিৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিছিল বুলিও উল্লেখ কৰে।

ইয়াৰ পাছতে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। লগতে আজি সন্ধিয়া শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীৰ প্ৰতিগৰাকী ছাত্ৰী ছাত্ৰী আৰু আচাৰ্য আচাৰ্য্যাৰ পদুলিমুখত প্ৰবালৰ আত্মাৰ সদগতিৰ কামনাৰে ভগৱান ওচৰত প্ৰাৰ্থনা জনাই বন্তি প্ৰজ্বলন কৰা হ'ব বুলি নিকেতন কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।