ধিঙৰ লহকৰঘাট গাঁওপঞ্চায়তৰ সভানেত্রী-সচিবৰ বিৰুদ্ধে চতুৰ্দশ বিত্তীয় আয়োগৰ ধন আত্মসাতৰ অভিযোগ

 11/26/2019 - 16:55

ধিংঃ শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ কাৰ্যকালতেই নগাঁও আৰু মৰিগাঁও জিলাতেই পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগটোত বিগত সময়ত সংঘটিত হোৱা কোটি কোটি টকাৰ বিয়াগোম কেলেংকাৰীৰ বাতৰিয়ে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি অহাৰ সময়তে পুনৰবাৰ মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অধীনৰ ধিঙৰ লহকৰ ঘাট গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৬-১৭ বৰ্ষৰ দ্বিতীয় কিস্তিৰ ধন আৰু ২০১৭-১৮ বৰ্ষৰ প্ৰথম আৰু দ্বিতীয় কিস্তিৰ পুঁজিৰ ধন পঞ্চায়ত সভানেত্রী আৰু পঞ্চায়ত সচিবে আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়তটোত সংঘটিত হোৱা এনে দুৰ্নীতি আৰু অনিয়মক কেন্দ্র কৰি তীব্র চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পঞ্চায়তটোৰ ৰাইজৰ মাজত।

প্ৰাপ্ত অভিযোগ অনুসৰি, মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অধীনৰ তথা নগাঁও জিলা পৰিষদৰ এলেকাধীন লহকৰ ঘাট গাঁও পঞ্চায়তত বিত্তীয় আয়োগৰ ২০১৬-১৭ বৰ্ষৰ দ্বিতীয় কিস্তিৰ ধন আৰু ২০১৭-১৮ বৰ্ষৰ প্ৰথম আৰু দ্বিতীয় কিস্তিৰ পুঁজিৰ অধীনত ইতিমধ্যে পঞ্চায়ত সভানেত্রী নুৰজাহান আকতাৰ বেগম, পঞ্চায়ত সচিব জমিৰ উদ্দিন আহমেদ আৰু সভানেত্রীৰ স্বামী তথা স্বয়ম্ভূ সভাপতিৰ ৰূপত দপদপাই থকা জিয়াবুৰ ৰহমানৰ সহযোগত পঞ্চায়ত খনত যিবিলাক আচঁনি ৰূপায়ণ কৰিবলৈ লৈছে উক্ত আচঁনি সমূহ গাঁওসভা অনুষ্ঠিত নকৰাকৈয়ে উক্ত দুৰ্নীতি পৰায়ন প্ৰতিনিধি আৰু পঞ্চায়ত সচিবজনে নিজ ইচ্ছা অনুযায়ী তালিকা প্রস্তুত কৰাৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়তটোত প্ৰায় দহটাকৈ উন্নয়ন মূলক আচঁনিৰ নামত ধাৰ্য কৰা চতুৰ্দশ বিত্তীয় পুঁজিৰ প্ৰায় পঞ্চাচ লক্ষাধিক টকাৰ অধিকাংশ টকাই আত্মসাৎ কৰাৰ কু-অভিসন্ধিৰে এনেদৰে নিশাৰ এন্ধাৰত তালিকা প্রস্তুত কৰা বুলি অভিযোগত প্ৰকাশ আছে। তদুপৰি এই সমূহ আচঁনিৰ বিপৰীতে আচঁনিৰ স্থানতে নিৰ্মাণ কমিটি গঠন কৰিব লাগে যদিও আচঁনিৰ স্থানত সভা অনুষ্ঠিত নকৰাকৈয়ে পঞ্চায়ত সভানেত্রী, পঞ্চায়ত সচিব আৰু স্বয়ম্ভূ সভাপতিজনে নিজ ইচ্ছা অনুযায়ী ব্যক্তিগতভাৱে নিৰ্মাণ কমিটি গঠন কৰি ২০১৭-১৮ বিত্তীয় বৰ্ষৰ এম জি এন ৰেগাৰ অধীনত হোৱা ''Construction of C.C Block Rd. From Lahkar Gayan Gaon Connecting C.C Road To Lahkar Pachim Chariali" লৈ হোৱা এই একেটা কামকেই চক্ৰান্তমূলক ভাৱে আচঁনিৰ নাম সলনি কৰি পুনৰাই চতুৰ্দশ বিত্তীয় আয়োগত ''Construction of C.C Block Rd. From Lahkar Pachim Chariali To Bodiut Jaman House" নামেৰে নামাকৰণ কৰি আচঁনিৰ সিংহভাগ ধনেই আত্মসাৎ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। আনহাতে, কংগ্রেছ দলৰ পৰা পঞ্চায়ত টিকট লাভ কৰি পঞ্চায়তটোত অধিক উন্নয়ন কৰাৰ মিছা প্ৰতিশ্ৰুতি দি ৰাইজৰ ভোট লৈ জয়ী হোৱাৰ পিছত একমাত্র ক্ষমতাৰ লালসা আৰু নিজ স্বাৰ্থ পূৰণৰ অভিসন্ধিৰে কংগ্রেছ এৰি এতিয়া ন-বিজেপি হৈ দুৰ্নীতিৰ আশ্ৰয় লোৱা ঘটনাই বিজেপি মহলটোত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

পঞ্চায়তটোত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে কিবা-কিবি সুধিলেও দুৰ্নীতি পৰায়ন স্বয়ম্ভূ সভাপতিজনে বিজেপিৰ একাংশ মন্ত্ৰী-বিধায়কৰ লগতে একাংশ বিজেপিৰ জিলা পৰ্যায়ৰ নেতাৰ নাম ব্যৱহাৰ কৰাৰ কথা এতিয়া সৰ্বজন বিদিত। এই ক্ষেত্রত বিভাগীয় কৰ্তৃপক্ষই পূৰ্বৰ আচঁনিৰ তালিকাখন বাতিল কৰি গাঁও সভাৰ জৰিয়তে পুনৰ এখন শুদ্ধ তালিকা প্রস্তুত কৰিবলৈ নির্দেশ দিয়াৰ লগতে দুৰ্নীতি পৰায়ন সভানেত্রী আৰু পঞ্চায়ত সচিবৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ পঞ্চায়তটোৰ কেইবা শতাধিক ৰাইজে মৈৰাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, নগাঁও জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া, নগাঁও জিলা উপায়ুক্ত, মুখ্যমন্ত্রী দুৰ্নীতি নিবাৰক শাখা আৰু পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত লৈ এই অভিযোগৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে। এই ক্ষেত্রত বিভাগীয় তথা সংশ্লিষ্ট কৰ্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে সেয়া হে লক্ষণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।