ভূৰাগাওঁ বালিডোঙা ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

 04/18/2019 - 13:40

লাহৰীঘাট: মৰিগাওঁ জিলাৰ ভূৰাগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বালিডোঙা মধ্য ইংৰাজী বিদ্যালয়ৰ ৮০নং ভোটগ্ৰহণ কেন্দ্ৰত শাৰী পতাকলৈ দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, ভোটদান কৰিবলৈ শাৰী পাতি থিয় হোৱাকলৈ প্ৰথমে কথাৰ কটা-কটি আৰু তাৰ পিছত মাৰ-পিট আৰম্ভ হয় দুই পক্ষৰ মাজত।

নিৰাপত্তাৰক্ষীৰ দুৰ্বলতাৰ বাবেই এনে ঘটনা সংগঠিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।