ৰাজপথত ওলাইছে বোৰ্খা পিন্ধা ভূত, জ্বলাব খুজিছে মমতাৰ বংগক

 02/22/2019 - 21:26

ডিজিটেল ডেস্কঃ ধৰ্মৰ নামত ভেদাভেদ কৰিবলৈ দিয়া নহ’ব৷বাংলাত জুই জ্বলাবৰ বাবে চেষ্টা কৰিছে৷ এনে কামৰ ফল ভাল নহ’ব৷এই মন্তব্য পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ৷ শুকুৰবাৰে এটি ধৰ্মীয় অনুষ্ঠানত অংশ লৈ তৃণমূলৰ নেত্ৰীগৰাকীয়ে কেন্দ্ৰৰ শসানাধীষ্ট বিজেপি দলক তীব্ৰ আক্ৰমণ কৰে৷ বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থত এনে কাণ্ড কৰিব খোজা বুলি কয় মমতাই৷

একেটা অনুষ্ঠানতে মমতাই নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহক আক্ৰমণ কৰি কয় যে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোডীক নিৰ্বাচন পাৰ হৈ গ’লে পুনৰ দেখা নাপাব৷ৰাজ্যখনত অশান্ত কৰিবৰ বাবে সোপাধৰা ওলোৱাৰ প্ৰচাৰ কৰিছে৷ একাংশ লোকে বোৰ্খা পিন্ধি ৰাজপথত সোপাধৰা ওলোৱা বুলি প্ৰচাৰ কৰিছে৷ ইয়াৰ দ্বাৰা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত কৰাৰ চেষ্টা কৰা বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে মমতাই৷ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ পৰা ভিক্ষা নিবিচাৰো বুলিও স্পষ্ট কৰে মমতাই

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।