গুৱাহাটীত এটিএম কাৰ্ডযোগেহে পাব ইন্ধন: নগদ ধনেৰে নহয়

 04/18/2019 - 14:05

ডিজিটেল ডেস্ক: এতিয়া কেৱল এ টি এম কাৰ্ডযোগেহে ক্ৰয় কৰিব পাৰিব পেট্ৰ’ল। নগদ ধনেৰে নহয়। আজিৰ পৰা পেট্ৰ'ল পাম্পত কেৱল এটিএম কাৰ্ড যোগে পোৱা যাব ইন্ধন। নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত নগদ ধনত পেট্ৰ'ল নিদিয়ে পেট্ৰ'ল পাম্পসমূহে।

নগদ ধন সৰবৰাহৰ ক্ষেত্ৰত হোৱা অসুবিধাৰ বাবেই এই সিদ্ধান্ত গুৱাহাটীৰ পেট্ৰ'ল পাম্পৰ মালিক এছ'চিয়েচনৰ। ২৩ এপ্ৰিল পৰ্যন্ত নগদ ধনযোগে পেট্ৰ'ল নিদিয়ে পাম্পসমূহে। উল্লেখ্য যে, বুধবাৰে আৰক্ষীৰ এক অভিযানকাৰী দলে এজন লোকৰ পৰা ২৫.১১ লাখ টকা জব্দ কৰিছিল।

এই ধন আছিল বাইহাটা চাৰিআলিৰ এটা ডিপুৰ। বেংকসমূহ বন্ধ থকাৰ বাবে জমা দিব পৰা নাছিল এই ধনসমূহ। দুই-তিনিদিনৰ ধন বেংকৰ শ্বিলিপসহ জমা দিব আহিছিল এগৰাকী কৰ্মচাৰীয়ে।

আৰক্ষীয়ে তথ্যপাতি পৰীক্ষা কৰি ট্ৰেজাৰীত ধনখিনি জমা দিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।