বাক্সাৰ বগৰীখুটিত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভোট বর্জনৰ সিদ্ধান্ত ৰাইজৰ

 04/18/2019 - 17:03

তামুলপুৰঃ বাক্সা জিলাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ২নং বগৰিখুটি গাঁৱৰ ৰাইজৰ অভিনৱ প্ৰতিবাদ। ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া চৌদিশে ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ঠিক সেই সময়তে বাক্সা জিলাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ ভাৰত-ভূটান সীমান্তৰ ২ নং বগৰীখুটি গাঁৱৰ ৰাইজৰ ভোট বর্জনৰ সিদ্ধান্তই চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা অঞ্চলটোৰ লোকে এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাত সম্প্ৰতি ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। অঞ্চলটোৰ পুৰুষ-মহিলাসকল ৰাজপথলৈ ওলাই আহি আজি প্ৰতিবাদ সাব্যস্ত কৰে। অঞ্চলটোৰ পুৰুষ-মহিলাসকলে সংবাদ মাধ্যমক ক্ষোভেৰে জানিবলৈ দিয়া যে আজিলৈ বৃহত্তৰ ২নং বগৰীখুটি অঞ্চলত কোনো ধৰণৰ খোৱা পানীৰ ব্যৱস্থা কৰা হোৱা নাই।

বছৰৰ পিছত বছৰ ধৰি এই অঞ্চলটোৰ ৰাইজে খাল, পুখুৰী, নিজৰা আদিৰ পৰা অপৰিষ্কাৰ পানী খাবলৈ বাধ্য হৈ আহিছে। বিগত সময়ত বিশুদ্ধ খোৱা পানীৰ অভাৱত অঞ্চলটোৰ লোকসকলে ডায়েৰীয়া, মেলেৰিয়াৰ লগতে বিভিন্ন জটিল ৰোগত আক্ৰান্ত হ’বলগীয়া হোৱাৰ উপৰি বহুতো লোকৰ মৃত্যুও হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ আনিছে।

সেয়েহে এইবাৰ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থীয়ে ২ নং বগৰীখুটি গাঁৱৰ ভোটাৰ ৰাইজক নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই খোৱা পানীৰ সু-ব্যৱস্থা কৰি দিব সেইজন প্ৰাৰ্থীকে ভোটাৰে ভোট প্ৰদান কৰিব। অঞ্চলটোৰ পৰা মাথোঁ ১ কিলোমিটাৰ দূৰত্বত বাস কৰা ২৭ নং নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ পৰিষদীয় সদস্য ধৰ্ম নাৰায়ণ দাসৰ নিজ বাসগৃহ যদিও আজিলৈ অঞ্চলটোত খোৱা পানীৰ কোনো ব্যৱস্থা হৈ নুঠাত এইদৰে ক্ষোভ উজাৰিছে অঞ্চলটোৰ ৰাইজে।

যাৰ ফলত বহুতো পুৰুষ মহিলাই ৰাজপথলৈ ওলাই আহি আমাক পানী লাগে পানী দিয়ক, পানী নিদিলে ভোট নাই আদি শ্লোগানেৰে উত্তাল কৰি তোলে ২নং বগৰিখুটিৰ নাগ্ৰীজুলি-গুৱাবাৰী সংলগ্ন মূল পথ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।