লাহৰীঘাটৰ তিলাপাৰা প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

 04/18/2019 - 17:15

লাহৰীঘাটঃ মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ৭১ নং তিলাপাৰা প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহন কেন্দ্ৰত শাৰী পাতি থাকোতে ঠেলা-হেঁচা হোৱাত প’লিং এজেণ্টৰ গাত লাগে।

ইয়াকে লৈ দুই পক্ষৰ মাজত প্ৰথমে কথাৰ কটা-কটি তাৰ পিছত মাৰ-পিট আৰম্ভ হয়। নিৰাপত্তাৰক্ষীৰ দুৰ্বলতাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।