যমুনামুখৰ কংগ্ৰেছ নেতাক বিজেপি মন্ত্ৰীৰ ভাবুকি

 04/18/2019 - 17:44

ডবকাঃ বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিনক ভাবুকি দিয়া বুলি অভিযোগ তুলি নেতাগৰাকী আৰক্ষীৰ দ্বাৰস্থ হৈছে ৷ জাগীৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পিযুষ হাজৰিকাই ফোনযোগে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে৷

তদুপৰি হোজাই জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনেও ফোনযোগে ভাবুকি দিয়াৰ অভিযোগ তুলিছে কংগ্ৰেছ নেতাগৰাকীয়ে৷ ইভিএম বিকল হোৱাক লৈ প্ৰশ্ন কৰিছিল ৰেহান উদ্দিনে৷

উল্লেখ্য যে পুৱা যমুনামুখত ৩২ টা কেন্দ্ৰত ইভিএম বিকল হৈছিল৷ তাৰ পিছতে আৰক্ষী অধীক্ষক আৰু মন্ত্ৰী পিযুষ হাজৰিকাই ভাবুকি দিয়ে৷ যমুনামুখৰ কংগ্ৰেছ নেতাগৰাকীয়ে ডবকা থানাত এখন এজাহাৰ দাখিল কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।