জাতপাতৰ ৰাজনীতি মানুহে বাদ দিব ধৰিছে, উন্নয়নৰ স্বাৰ্থত ৰাইজে ভোট দিছে: দিলিপ শইকীয়া

 04/18/2019 - 18:30

দলগাঁও: এসময়ত জাতপাত আৰু ধৰ্ম সম্প্ৰদায়ক লৈ ৰাজনীতি কৰা বিজেপিয়ে উজনি অসমত সংখ্যালঘু মুছলিম বিৰোধী স্থিতি লোৱাৰ বিপৰীতে নামনিত নৰম স্থিতি লৈছে। দলগাঁৱৰ বিভিন্ন ঠাইত এদিনৰ ব্যৱধানত ৰঞ্জিত দাস, হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংখ্যালঘু প্ৰধান দলগাঁও সমষ্টিত সংখ্যালঘু মুছলিমৰ ভোট আদায়ৰ বাবে মুছলমানৰ প্ৰতি নৰম স্থিতি গ্ৰহণ কৰি জাতপাত আৰু ধৰ্মীয় সংকীৰ্ণতা এৰি হঠাৎ উন্নয়নৰ শ্ল'গান দিয়া পৰিলক্ষিত হৈছে।

আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলি থকাৰ মাজতে ৮ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলিপ শইকীয়া দলগাঁও আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ বুজ লবলৈ আহি সাংবাদিকৰ মুখামুখি হৈ শইকীয়াই কয়, ষাঠি সত্তৰ বছৰে জাতপাতৰ ৰাজনীতি কৰি মানুহে একো নাপালে।

সেয়েহে, এইবাৰ উন্নয়নৰ স্বাৰ্থত ৰাইছ হিলদল ভাঙি ভোটদানৰ বাবে স্বতঃস্ফুতভাবে ৰাইজ ওলাই আহিছে।

মন কৰিবলগীয়া কথাটো যে, উজনিত হিন্দুত্বৰ এজেণ্ডাৰে প্রথম পৰ্যায়ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ পিছত এতিয়া নামনিৰ সংখ্যালঘু ভোটাৰক আকষৰ্ণ কৰিবলৈ বিজেপিয়ে ৰঙ সলোৱা বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।