বিশ্বাসঘাতক কংগ্ৰেছক যোগ্য প্ৰত্যুত্তৰ দিবলৈ বৰপেটাবাসীক আহ্বান মামুন ইমদাদুল হকৰ

 04/18/2019 - 18:54

হাউলী: আগন্তুক ২৩ এপ্ৰিলত ৰাজ্যখনত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিশ্বাসঘাতক কংগ্ৰেছ দলক ভোটৰ মাধ্যমত যোগ্য প্ৰত্যুত্তৰ দিবলৈ বৰপেটাবাসী সংখ্যালঘু ভোটাৰসকলক বুধবাৰে নিশা হাউলীৰ খন্দকাৰপাৰা বজাৰস্থিত এআইইউডিএফৰ নিৰ্বাচনী কাৰ্যালয়ত নাওঁবৈচা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হকে আহ্বান জনায়। আইনজীবী নুৰুল আমিনৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত বিধায়ক হকে ভাষণ প্ৰশংগত কয় যে, বিগত স্বাধীনতাৰ পিছৰ পৰা কংগ্ৰেছে সংখ্যালঘু ৰাইজক বলিৰ পঠা সজাই আহিছে।

অসম ভূমিত যিকেইটা হত্যাকাণ্ড বিশেষকৈ নেলী, বাঁহবাৰী, কোকৰাঝাৰ, নৰসিংবাৰী হত্যাকাণ্ডসমূহ কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত হৈছে। প্ৰতিটো হত্যাকাণ্ডৰ সৈতে কংগ্ৰেছ দল প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত থকাৰ অভিযোগ উত্থাপন কৰে। এনআৰচিৰ পাইলট প্ৰজেক্টৰ প্ৰ-পত্রৰ আসোঁৱাহ দূৰ কৰাৰ অৰ্থে শান্তিপূৰ্ণ ভাবে প্ৰতিবাদ কৰিবলৈ গৈ বৰপেটা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাৰিজনকৈ সংখ্যালঘু নাগৰিকক কংগ্ৰেছ চৰকাৰৰ পুলিচ বিভাগে প্ৰৰোচিত ভাৱে গুলিয়াই হত্যা কৰিছিল।

সৌ সিদিনালৈ খাগ্ৰাবাৰী নৰসিংবাৰীত ৫৬ টাকৈ নিৰীহ শিশুক চৰকাৰী মদতপুষ্ট বনৰক্ষীসকলে জড়িত হৈ হত্যাযজ্ঞ চলাইছিল বুলি বিধায়ক মামুনে অভিযোগ কৰে। উক্ত হত্যাকাণ্ডত কংগ্ৰেছ চৰকাৰৰ প্ৰভাৱশালী মন্ত্রী ছিদ্দিক আলী আহমেদে সংখ্যালঘু জনসাধাৰণ বিশেষকৈ হত্যাস্থলী পৰিদৰ্শন কৰি সংখ্যালঘু প্ৰীতি দেখুওৱাত সেই সময়ৰ কংগ্ৰেছ চৰকাৰে মন্ত্রীত্বৰ পৰা আঁতৰাই দিছিল। সংখ্যালঘু জনসাধাৰণক মানসিক, শাৰীৰিক চাপৰ মাজত ৰাখিবলৈ কংগ্ৰেছ চৰকাৰৰ দিনতো যধে-মধে ডি ভোটাৰ সৃষ্টি কৰি নাৰকীয় যাতনাত ভুগিবলৈ বাধ্য কৰাহৈছে বুলি বিধায়ক হকে দাবী কৰে।

স্বাধীনতাৰ পিছৰে পৰা সংখ্যালঘুসকলক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা কংগ্ৰেছ দলে সংখ্যালঘুৰ উন্নয়ন কাহানিও চিন্তা কৰা নাই। প্ৰতিটো নিৰ্বাচনৰ আগত বিভিন্ন প্ৰকাৰে সমস্যাৰ সৃষ্টি কৰি নিজৰ স্বাৰ্থ আদায় কৰি আহিছে বুলি বিধায়ক মামুন ইমদাদুল হকে সভাত উল্লেখ কৰে।

সমাগত লোকসভা নিৰ্বাচনতো সংখ্যালঘু একাংশ কংগ্ৰেছী দালালৰ প্ৰৰোচনাত এআইইউডিএফ দলৰ সৈতে চৰম বিশ্বাসঘাতকতা কৰি সংখ্যালঘু নাগৰিকৰ লগত হেতালি খেলিলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ ২৩ এপ্ৰিলৰ লোকসভা নিৰ্বাচনত ভোটৰ জৰিয়তে প্ৰতিপন্ন কৰি সংখ্যালঘু দৰদী এআইইউডিএফৰ বৰপেটা সমষ্টিৰ প্ৰাৰ্থী উচ্চ শিক্ষিত ড0 হাফিজ ৰফিকুল ইছলামক বিপুল ভোটত জয়ী কৰি কংগ্ৰেছ দলক বৰপেটাৰ পৰা উৎখাত কৰিবলৈ আহ্বান জনায় বিধায়ক মামুন ইমদাদুল হকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।