ৰৌতাত ৯৭ বছৰীয়া আইতা আৰু দুজন বিকলাঙ্গই সাব্যস্ত কৰিলে ভোটাধিকাৰ

 04/18/2019 - 19:03

দলগাঁও: আজি সমগ্ৰ ভাৰততে অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। সমান্তৰালকৈ অসমতো ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে পাঁচখন লোকসভা সমষ্টিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ আমিনপাৰা প্ৰাথমিক বিদ্যালয়, পানীখাইতি প্ৰাথমিক বিদ্যালয়, সিধাখোৱা প্ৰাথমিক বিদ্যালয়, লাইলাংপাৰা হাইস্কুল আদি ভোট কেন্দ্ৰসমূহতো ৰাতিপুৱা ৭ বজাৰ পৰা শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

কিন্তু তাৰ মাজতে দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য। ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰা প্ৰাথমিক বিদ্যালয়ৰ ১৫৪,১৫৫ নম্বৰ ভোট কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিল ৯৫ আৰু ৯৭ বছৰীয়া আইতা-ককাই। আনহাতে, উক্ত ভোট কেন্দ্ৰৰ অন্তৰ্গত আমিনপাৰা গাঁৱৰ আব্দুল মান্নান নামৰ ২২ বছৰীয়া বিকলাঙ্গ যুৱকেও সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ।

নিৰ্বাচন আয়োগে যোগান ধৰা গাড়ী আৰু হুইল চেয়াৰেৰে আহি নিজৰ ভোট প্ৰদান কৰিলে। তাৰ মাজতে আব্দুল মান্নান নামৰ বিকলাঙ্গ যুৱকজনে ক্ষোভ উজাৰি কয়, বিকলাঙ্গ হৈ অশেষ কষ্ট কৰি ভোট প্ৰদানেৰে জনপ্ৰতিনিধিসকলক নিৰ্বাচিত কৰি দিল্লীলৈ পঠায় যদিও পিছলৈ তেওঁলোকক পাহৰি যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।