হাটশিঙিমাৰীত মুখ্যমন্ত্ৰীৰ বিশাল নিৰ্বাচনী জনসভা

 04/18/2019 - 19:14

হাটশিঙিমাৰী: দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত আজি দিনৰ ১ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এক বিশাল নিৰ্বাচনী জনসভাত উপস্থিত হয়।

সভাত তেওঁ ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। উক্ত নিৰ্বাচনী জনসভাত কংগ্ৰেছ আৰু এআইইউডিএফ দলক তীব্ৰ সমালোচনা কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামক ভোট দিবলৈ ভোটাৰক আহ্বান জনায়।

উক্ত সভাত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ মুখপাত্ৰ তথা কৃষি মন্ত্ৰী অতুল বৰা, মানকাচৰৰ প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলামৰ লগতে মিত্ৰজোঁট দলৰ বহুতো নেতা কৰ্মী আৰু জনসাধাৰণ। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।