ৰঙিয়াত ভোট প্ৰদান নকৰিলে ভূৱনেশ্বৰ কলিতাই

 04/18/2019 - 19:33

ৰঙিয়া: ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই আজি আবেলি ৰঙিয়াৰ পূৱ সীতাৰাৰ ৭৩ নং ভোটগ্ৰহণ কেন্দ্ৰত পুত্ৰৰ লগত উপস্থিত হয় যদিও কলিতাই ভোট প্ৰদান নকৰিলে। অৱশ্যে, তেওঁৰ পুত্ৰ সিদ্বাৰ্থ কলিতাই ভোট প্ৰদান কৰে।

কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, কলিতাই নিৰ্বাচনৰ সকলো নথি পত্ৰ গুৱাহাটীৰ পৰা দিয়া হৈছে আৰু তেওঁৰ ভোটাৰ তালিকাত নাম ৰঙিয়াত থকাৰ উপৰি গুৱাহাটী লোকসভা সমষ্টিত আছে। সেইবাবে আজি ৰঙিয়াত তেওঁ ভোট প্ৰদান নকৰিলে।

আনহাতে, কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে জনায় যে, অসমৰ জাতীয় দলসমূহে যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৱল স্থিতি গ্ৰহণ কৰি কংগ্ৰেছ দলৰ পক্ষত থিয় দিছে।

ঠিক তেনেদৰে মঙ্গলদৈ লোকসভা সমষ্টিতো জাতীয় দলসমূহে কংগ্ৰেছ দলৰ পক্ষত নিজৰ ভোটদান সাব্যস্ত কৰিছে।

তেনেস্থলত মঙ্গলদৈ লোকসভা সমষ্টিত তেওঁৰ বিজয় নিশ্চিত বুলি কয় কলিতাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।