বাংটিকট প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক আছমত আলীক বিতৰ্কৰ মাজত পুনৰ বিদ্যালয়ত পাঠদানৰ অনুমতি

 11/29/2019 - 16:00

দক্ষিণ কামৰূপঃ দক্ষিণ কামৰূপ বকো থানাৰ অন্তৰ্গত বকো শিক্ষাখণ্ডৰ বাংটিকোট প্ৰাথমিক বিদ্যালয়ত নিযুক্তসহ শিক্ষক আছমত আলীক স্থানীয় ৰাইজৰ অভিযোগ মৰ্মে উক্ত বিদ্যালয়ৰ পৰা কেইবাবাৰো বদলি কৰে যদিও পুণৰ স্থানীয় ৰাইজৰ সহযোগত বকো শিক্ষাখণ্ড বিষয়াই পুনৰ মৌখিকভাৱে বাংটিকোট প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰিবলৈ অনুমতি প্ৰদান কৰে।

কিছুসংখ্যক ৰাইজৰ দ্বিমত দেখা যায় যদিও প্ৰায়ভাগ ৰাইজ একমত দেখা যায়। বিদ্যালয়খনৰ গাতে লাগি থকা স্থানীয় ৰাইজে সহ শিক্ষক আছমত আলীক বিদ্যালয়ত যোগদান কৰাত অভিনন্দন জনায়। ৰাইজৰ মতে কিছুদিন পিছত প্ৰধান শিক্ষক অৱসৰ গ্ৰহণ কৰিব, সেয়ে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি, ভৱিষ্যত চিন্তা কৰি ৰাইজসহ শিক্ষক আছমত আলীক আদৰি লয় বুলি ৰাইজে জানিবলৈ দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.