ৰঙিয়াত ভোট প্ৰদান নকৰিলে ভুৱনেশ্বৰ কলিতাই

 04/18/2019 - 20:48

ৰঙিয়াঃ মঙ্গলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই আজি আবেলি ৰঙিয়াৰ পূৱ সীতাৰাৰ ৭৩ নং ভোটগ্ৰহণ কেন্দ্ৰত পুত্ৰৰ লগত উপস্থিত হয়। কিন্তু কলিতা কেন্দ্ৰটোত উপস্থিত হয় যদিও ভোট প্ৰদান নকৰিলে। তেওঁৰ পুত্ৰ সিদ্বাৰ্থ কলিতাইহে কেৱল ভোট প্ৰদান কৰে।

কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে কলিতাই নিৰ্বাচনৰ সকলো নথি-পত্ৰ গুৱাহাটীৰ পৰা দিছে আৰু ভোটাৰ তালিকাত তেওঁৰ নাম ৰঙিয়াত থকাৰ উপৰি গুৱাহাটী লোকসভা সমষ্টিতো আছে। সেইবাবে আজি ৰঙিয়াত তেওঁ ভোট প্ৰদান নকৰিলে। আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে অসমৰ জাতীয় দলসমূহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৱল স্থিতি গ্ৰহণ কৰি কংগ্ৰেছ দলৰ পক্ষত থিয় দিছে।

ঠিক তেনেদৰে মঙ্গলদৈ লোকসভা সমষ্টিতো জাতীয় দলসমূহে কংগ্ৰেছ দলৰ পক্ষত নিজৰ ভোটদান সাব্যস্ত কৰিছে। তেনেস্থলত মঙ্গলদৈ লোকসভা সমষ্টিত তেওঁৰ বিজয় সুনিশ্চিত বুলি কয় কলিতাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।