আৰম্ভ হ'ল শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় বিগ্ৰহৰ নগৰ পৰিভ্ৰমণ

 04/18/2019 - 21:00

উত্তৰ গুৱাহাটীঃ আজি পবিত্ৰ মদন চতুৰ্দশী। মদন চতুৰ্দশীৰ পবিত্ৰ দিনটোত প্ৰতি বছৰৰে পৰম্পৰা অনুযায়ী দীৰ্ঘেশ্বৰী দেৱালয়ৰ বিগ্ৰহৰ নগৰ পৰিভ্ৰমণ কৰোৱা হয়। দেৱী মাঁ দীৰ্ঘেশ্বৰীৰ ভক্তসকলে আনন্দ উল্লাসেৰে এই যাত্ৰাত অংশগ্ৰহণ কৰে। ব’হাগ মাহৰ পবিত্ৰ তিথিত মাঁ দীৰ্ঘেশ্বৰীক উত্তৰ গুৱাহাটীৰ পূৰাণ প্ৰসিদ্ধ মণিকৰ্ণেশ্বৰ দেৱালয়লৈ মাঁ দক্ষিণা কালিক দোলাত লৈ যোৱা হয়। ৰাইজো দলে বলে যায়।

ইয়াৰ পাছতে সন্ধিয়া মণিকৰ্ণেশ্বৰত দীৰ্ঘেশ্বৰীৰ ভৈৰৱ সতে বিধিবত পূজা অৰ্চনাৰে মিলন ঘটে। ইয়াৰ দেৱীক দোলাত লৈ পদূলিয়ে পদূলিয়ে ৰাইজক আশিস দিয়াৰ বাবে সমগ্ৰ উত্তৰ গুৱাহাটী নগৰ পৰিভ্ৰমণ কৰোৱা হয়। ভক্তপ্ৰাণ ৰাইজেও ওৰে নিশা দেৱী বিগ্ৰহ নিজ পদূলিমুখত উপস্থিত নোহোৱা পৰ্যন্ত ধূপ, দীপ, নৈবেদ্যৰে আশিস লাভ কৰাৰ অৰ্থে অপেক্ষা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।