জনীয়াত এআইইউডিএফৰ নিৰ্বাচনী সভা

 04/19/2019 - 11:49

কলগাছিয়া: বৰপেটাৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ যেন আকৰ্ষণীয় হৈ পৰিছে। এআইইউডিএফ আৰু কংগ্ৰেছে নিজৰ নিজৰ প্রার্থীক জিকাবলৈ আপ্ৰাণ চেষ্টা কৰা পৰিলক্ষিত হৈছে। পিছ পৰি থকা নাই বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ তৎপৰতাও। কংগ্ৰেছে যদি এখন নিৰ্বাচনী সভাৰ আয়োজন কৰিছে, ইয়াৰ বিপৰীতে এআইইউডিএফেও নিজৰ প্ৰাৰ্থীক জিকাবলৈ তিনিখন সভা কৰিছে।

বৃহস্পতিবাৰেও জনীয়া সমষ্টিৰ জনতাত এআইইউডিএফৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত অংশগ্ৰহণ কৰি ডঃ হাফিজ ৰফিকুলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় নাওবৈছা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে।

তেওঁ ভাষণ প্ৰসংগত কংগ্ৰেছ আৰু বিজেপিক তুলাধূনা দি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস অৰ্থাৎ বিজেপিক জিকাবলৈ আব্দুল খালেকে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লৈছে বুলি মন্তব্য কৰে।

ইফালে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, এআইইউডিএফে প্ৰাৰ্থীত্ব আগবঢ়োৱা তিনিখন আসনেই পাব বুলি দাবী কৰে মামুন ইমদাদুলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।