ৰাষ্ট্ৰীয় অ'পেন টাইকোৱানডোত পদক অৰ্জন মানস জ্যোতি বৰুৱাৰ

 04/19/2019 - 12:06

উত্তৰ গুৱাহাটী: ৰাষ্ট্ৰীয় অ'পেন টাইকোৱানডোত নৰ্থ গুৱাহাটী টাইকোৱানডো একাডেমিৰ সাফল্য। শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীৰ মানস জ্যোতি বৰুৱাই সোণ আৰু ৰূপৰ পদকেৰে উজলিবলৈ সক্ষম হৈছে। যোৱা ১৫ তাৰিখৰ পৰা ১৮ এপ্ৰিল ২০১৯ তাৰিখলৈ মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদত অনুষ্ঠিত হৈ যায় ১২ তম অ'পেন ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপ।

অসম দলক প্ৰতিনিধিত্ব কৰি মানস জ্যোতি বৰুৱাই ৰূপৰ পদক ( individual poomase), আৰু সোণৰ পদক ( group poomsae) লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে অসম তথা উত্তৰ গুৱাহাটীক গৌৰবান্বিত কৰে। মানস জ্যোতি বৰুৱাৰ সাফল্যত উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰী, আচাৰ্য আচাৰ্য্যা আৰু অভিভাৱকসকল উৎফুল্লিত হৈ পৰিছে।

মানস জ্যোতি বৰুৱাই উত্তৰ গুৱাহাটী টাইকোৱানডো একাডেমিৰ প্ৰশিক্ষক তথা কামৰূপ জিলা টাইকোৱানডো এছ'চিয়েছনৰ সভাপতি প্ৰাঞ্জল বুঢ়াগোহাঁইৰ তত্বাৱধানত প্ৰশিক্ষণ লাভ কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।