ধুমুহাত বিধ্বস্ত হ'ল পুৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়

 04/19/2019 - 12:17

উত্তৰ গুৱাহাটী: মঙলবাৰে নিশা অহা এজাক ধুমুহাই কঁপাই যায় উত্তৰ গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চল। এই প্ৰচণ্ড ধুমুহাত বিধ্বস্ত হয় উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰসিদ্ধ ৩০০ বছৰ গৰকা অশ্বক্লান্ত দেৱালয়। বতাহত প্ৰচণ্ড গছবোৰ উঘালি পৰাত দেৱালয়খনৰ পশ্চিম দিশৰ তোৰণ, বাটচৰা সম্পূৰ্ণভাৱে বিধ্বস্ত হয়। বিধ্বস্ত হয় খটখটিৰ কাষৰ গনেশ দেৱালয়।

দেৱালয়খনৰ দলৈ লক্ষেশ্বৰ শৰ্মাই জানিবলৈ দিয়া মতে, দেৱালয়খনৰ সংৰক্ষণৰ দায়িত্বত আছে প্ৰত্নতত্ত্ব বিভাগ। ইতিমধ্যে পৰিচালনা সমিতিৰ তৰফৰ পৰা প্ৰত্নতত্ত্ব বিভাগক অৱগত কৰা হৈছে। অশ্বক্ৰান্ত দেৱালয় ভাৰতৰ এখন ঐতিহাসিক তীৰ্থস্থান। ব্ৰহ্মপুত্ৰৰ পাৰত উত্তৰ গুৱাহাটীৰ দক্ষিণ-পশ্চিমফালে জনাৰ্দ্দন পাহাৰত দেৱালয়খন অৱস্থিত।

ফাঁচীবজাৰৰ পৰা ফেৰী জাহাজেৰে ভুটভুটীৰে অশ্বক্ৰান্তলৈ অহা-যোৱাৰ সুবিধা আছে। ব্ৰহ্মপুত্ৰৰ কাষত প্ৰাকৃতিক সৌন্দৰ্য আৰু নিস্তব্ধ পৰিৱেশে দৰ্শনাৰ্থীক মোহিত কৰি তোলে। প্ৰতিদিনে বিভিন্ন ঠাইৰ পৰা বহুতো তীৰ্থযাত্ৰী আহে। যাত্ৰীসকলে মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে এই তীৰ্থস্থানত শ্ৰাদ্ধ, অস্থিক্ষেপণ, স্নান, দৰ্শন কৰি মনৰ পাপ দূৰ কৰি পূণ্য লাভ কৰে।

কুৰ্ম্ম জনাৰ্দ্দন মন্দিৰতো দৰঙী ৰজাৰ ৰাজত্ব কালত(১৬১৩) আৰু অনন্তশায়ী নাৰায়ণৰ মন্দিৰতো আহোম ৰজা শিৱ সিংহৰ( ১৭২০ )দিনতে সজোৱা।

উত্তৰ গুৱাহাটী ৰাইজ দেৱালয় পৰিচালনা সমিতিয়ে শীঘ্ৰে ধুমুহাত বিধ্বস্ত হোৱা দেৱালয়খনৰ পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ বাবে প্ৰত্নতত্ত্ব বিভাগ আৰু প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।