মঙলদৈৰ বঙলাগড় বাগানত একাংশ ৰাইজে ডাইনীৰ সন্দেহত মহিলাক নিৰ্মম অত্যাচাৰ

 12/01/2019 - 13:37

মঙলদৈঃ মঙলদৈত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ডাইনীৰ সন্দেহত মঙলদৈৰ বঙলাগড় বাগানত এজনী মহিলাক নিৰ্মম অত্যাচাৰ। মহিলা গৰাকীৰ চুলি কাটি পেলোৱাৰ লগতে মাৰধৰ কৰে একাংশ ৰাইজে। বাগানখনৰ আদিবাসী লোকসকলৰ মাজত সংঘটিত হ’ল এই নিৰ্মম ঘটনা। নিৰ্মমভাবে অত্যাচাৰ কৰাৰ ঘটনা নিজ মুখেৰেই স্বীকাৰ কৰিলে উক্ত অঞ্চলৰ ৰাইজে।

আনকি ব্লেদেৰে ৰেপি ৰেপি মাৰি পেলাম বুলিও কয় উন্মক্ত ৰাইজে। উক্ত অঞ্চলৰে একাংশ সচেতন ৰাইজে মহিলা গৰাকীক উদ্ধাৰ কৰি মঙলদৈ আৰক্ষীক খবৰ দিয়ে। কিন্তু নাতি দূৰতে থকা মঙলদৈ থানাৰ পৰা আৰক্ষী গৈ পাওঁতে পলম হোৱাৰ অভিযোগ সচেতন ৰাইজৰ। ইমানৰ পিছত যেন ভগবানৰ কৃপাত পঞ্চাছ উৰ্ধৰ ফুলমনি নায়ক নামৰ মহিলা গৰাকী মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ হয়।

আচলতে কেইদিনমান আগতে বাগানৰ ভিতৰৰ এটা পৰিয়ালৰ এজন কিশোৰৰ অসুখ হৈ আছিল। বহু চিকিৎসক, বেজ কবিৰাজক দেখুৱাৰ পিছতো ভাল নহ’ল কিশোৰ গৰাকী। অৱশেষত কিশোৰটিৰ মৃত্যু হয়। আনফালে ফুলমনি নায়কক ডাইনী সন্দেহ কৰি এতিয়া এই কিশোৰটিৰ মৃত্যুৰ কাৰণ ফুলমনি নায়ক বুলিয়ে এনেদৰে অত্যাচাৰ কৰে। কিছু পলমকৈ হলেও মঙলদৈ আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।