ধুবুৰীত নুৰুল ইছলাম চৌধাৰীৰ হৈ পুত্রৰ নিৰ্বাচনী প্ৰচাৰ

 04/19/2019 - 12:30

গোলকগঞ্জ: ধুবুৰী লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয় লোকসভা নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে সমষ্টিটোৰ চূকে কোণে তৃণামূল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলাম চৌধাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তোলা দেখা গৈছে।

যোৱাকালি প্ৰতাপগঞ্জ বজাৰ ,মাকৰিৰঝৰা বিলাসীপাৰাৰ নায়োৰ আলগাত নিৰ্বাচনী প্ৰচাৰ চলোৱা হয়। সভাত ভাষণ প্ৰসংগত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ পুত্ৰ ফিৰদুছ ইছলামে কয় যে, বিশেষকৈ ডি ভোটাৰৰ যি সমস্যা আৰু এনআৰচিৰ সমস্যালৈ যিমান পাৰে ৰাইজক সহায় আৰু 'কেব'ৰ বিৰুদ্ধে মাত মাতি যাব।

'কেব' অসাংবিধানিক আৰু বেআইনী বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।