
খাৰুপেটিয়াঃ দৰঙৰ দলগাঁও ৰাজ্যিক চিকিৎসালয়ত অনুষ্ঠিত পি চি পি এন ডি টি এক্টৰ এক সজাগতা সভাত ন্যায়াধীশ তথা দৰং জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব মুকুল চেতিয়া উপস্থিত থাকে। দলগাঁও পঞ্চায়তৰ সভাপতি বিশ্বজিত ঘোষে পৰিচালনা কৰা সভাখনত ন্যায়াধীশ গৰাকীয়ে পি চি পি এন ডি টি এক্টৰ বিষয়ে বক্তৃতা দি ভ্ৰুণ হত্যা তথা লিঙ্গ নিৰ্ধাৰণ কৰাটো এক অপৰাধ বুলি কয়।
লগতে বাল্যবিবাহ বিৰুদ্ধে সকলোৱে সজাগ হোৱাৰ আহ্বান জনায়। পি এল ভি মজিবৰ ৰহমানে আঁতধৰা সভাখনত অধিবক্তা গৌতম কুমাৰ শইকীয়াৰ লগতে অৰ্ধ শতাধিক আশাকৰ্মী উপস্থিত থাকে। সভাখনত সভাপতি ঘোষে দলগাঁওৰ এক বৃহত্তৰ এলেকাৰ পৰাই ডেৰকুৰি গাওঁ সামৰি চিকিৎসাৰ একমাত্র প্ৰতিষ্ঠান দলগাঁও ৰাজ্যিক চিকিৎসালয়ৰ ফোঁপোলা স্বৰূপ উদঙাই চিকিৎসালয়খনত স্থায়ী চিকিৎসক নিযুক্তিও আন্তঃগাঁথনি উন্নত কৰিবলৈ দাবী জনোৱাত ন্যায়াধীশ মুকুল চেতিয়াই জিলা উপায়ুক্তক অৱগত কৰিব বুলি সভাত জনায়।
সভাখন সম্পূৰ্ণ কৰি ন্যায়াধীশ গৰাকীয়ে দলগাঁও আৰু বেচিমাৰিস্থ কস্তুৰীবা গান্ধী বালিকা বিদ্যালয় দুখন পৰিদৰ্শন কৰি ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে নেপালৰ কাঠমাণ্ডুৰ আন্ত:ৰাষ্ট্ৰীয় কোংফুত ব্ৰঞ্জৰ পদক বিজয়ী দলগাঁওকে জি বি ভিৰ ছাত্ৰী হাজেৰা খাতুন, ৰাজ্যিক শ্বৰ্ণ পদক বিজয়ী মাছুমা বেগম আৰু বেচিমাৰী কেজিবিভীৰ ৰুকশানা বেগম, আৰু ইস্মিতাৰা খাতুনক গামোচা আৰু আর্থিক অনুদানেৰে উৎসাহিত কৰে।