ৰঙিয়াত সংগীত শিল্পী সুৱাসনা দত্তৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

 04/19/2019 - 12:42

ৰঙিয়া: সংগীত শিল্পী সুৱাসনা দত্ত বঙাইগাঁওৰ পৰা এক সংগীত অনুষ্ঠানত ভাগলৈ গুৱাহাটীলৈ উভতি আহি থকা অৱস্থাত ৰঙিয়াত এক পথ দুৰ্ঘটনাৰ সন্মুখীন হয়।

ৰঙিয়াৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত আজি পুৱতী নিশা এজন চাইকেল আৰোহীক বচাবলৈ গৈ সংগীত শিল্পীগৰাকীৰ গাড়ীখন তীব্ৰ গতিত পথৰ দাতিত থকা এডাল গছত খুন্দা মাৰে।

গায়িকাগৰাকীৰ AS 02U 0759 নম্বৰৰ ডাষ্টাৰ গাড়ীখনৰ সন্মুখৰ ভাগ চূৰ্ণ বিচূৰ্ণ হৈ পৰাৰ উপৰিও গায়িকাগৰাকী কিছু পৰিমাণে আহত হয়।

আহত অৱস্থাত আন গাড়ীৰে সুৱাসনা দত্তক গুৱাহাটীৰ এঞ্জেল কেয়াৰ নামৰ ব্যক্তিগত নাৰ্চিংহোমত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, সংগীত শিল্পীগৰাকীয়ে মুখত কিছু পৰিমাণে আঘাত পোৱাৰ লগতে সহযোগী শিল্পী শেখৰও কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।