মঙ্গলদৈ সমষ্টিৰ কমলপুৰত ভোটদানৰ হাৰ ৭১.৩৪% আৰু ৰঙিয়াত ৬৯.৫৫%

 04/19/2019 - 13:15

ৰঙিয়া: সপ্তদশ লোকসভাৰ বাবে বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ত নিৰ্বাচন সম্পন্ন হোৱা মঙ্গলদৈ লোকসভা সমষ্টি অন্তৰ্গত ৫৬ নং কমলপুৰ বিধানসভা সমষ্টি আৰু ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিত আবেেলি ৫ বজাালৈকে ভোটদানৰ হাৰ ক্ৰমে ৭১.৩৪ শতাংশ আৰু ৬৯.৫৫ শতাংশ। ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাত আৰম্ভ আৰু বিয়লি ৫ বজাত শান্তিপূৰ্ণভাৱে অন্ত পৰে। অৱশ্যে কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম আৰু ভি ভি পেট মেশ্বিনৰ বিজুতিৰ পৰিপ্ৰেক্ষিতত ভোটগ্ৰহণ পলমকৈ আৰম্ভ কৰিবলগীয়া হয়।

কিন্তু সেই কেন্দ্ৰসমূহত নিৰ্ধাৰিত সময়তকৈ কিছু দেৰিলৈকে ভোটগ্ৰহণ হয়। উল্লেখ্য যে, ৫৬ নং কমলপুৰ বিধানসভা সমষ্টিত এইবেলি মুঠ ভোটাৰ আছিল ১,৭৫,৩৬৯ গৰাকী। ইয়াৰে পুৰুষ ৯০,০৭০ গৰাকী আৰু মহিলা ভোটাৰ আছিল ৮৫,২৯৯ গৰাকী। আনহাতে ৰঙিয়া বিধানসভা সমষ্টিত মুঠ ভোটাৰ ১,৮৮, ৭৫৩ গৰাকীৰ বিপৰীতে পুৰুষ ৯৬,৮৮৭ গৰাকী আৰু মহিলা ভোটাৰ ৯১,৮৬৬ গৰাকী আছিল।

জিলা নিৰ্বাচনী বিষয়া তথা মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ সৱল নেতৃত্ব আৰু একনিষ্ঠ প্ৰচেষ্টাতে এক স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱা এই ভোটগ্ৰহণ পৰ্বৰ পিছতে ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত স্থাপিত ষ্ট্ৰংৰুমলৈ নিশা ভোটগ্ৰহণকাৰী প্ৰেজাইডিং-প'লিং বিষয়া, কৰ্মচাৰীসকলক লৈ কেইবাশতাধিক বাহন সুকলমে আহি পোৱাৰ লগে লগে এঘাৰগৰাকী প্ৰাৰ্থী- দিলীপ শইকীয়া (ভাৰতীয় জনতা পাৰ্টি), ভূৱনেশ্বৰ কলিতা (ইণ্ডিয়ান নেছনেল কংগ্ৰেছ), সুধেন্দু মোহন তালুকদাৰ (অল্ ইণ্ডিয়া তৃণমূল কংগ্ৰেছ), আইনুল হক (অসম গণ মঞ্চ), গন্ধেশ্বৰ মুছাহাৰী (ভোটাৰচ্ পাৰ্টি ইন্টাৰনেচনেল), বীৰেন বসাক (ভাৰতীয় গণ পৰিষদ), মণিৰাম বসুমতাৰী (হিন্দুস্থান নিৰ্মাণ দল), স্বৰ্ণলতা চলিহা (চ'ছিয়েলিষ্ট ইউনিটি চেণ্টাৰ অফ্ ইণ্ডিয়া (কমিউনিষ্ট), কাজি নেকিব আহমেদ (নিৰ্দলীয়), জয়ন্ত কুমাৰ কলিতা (নিৰ্দলীয়) আৰু প্ৰদীপ কুমাৰ দৈমাৰী (নিৰ্দলীয়)ৰ ভাগ্য বন্দী হোৱা ইভিএমসমূহক বিশেষ কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হয়।

জিলা নিৰ্বাচন বিষয়া তথা ৰঙিয়াৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ, মহকুমা নিৰ্বাচনী বিষয়া ৰিপণ জ্যোতি নাথ, ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টি এলেকাৰ সমষ্টি দণ্ডাধীশ ক্ৰমে এমিলী বৰুৱা আৰু ডা: বেদাংগ তালুকদাৰ, সহকাৰী আয়ুক্ত কুমাৰ সুৰজিত বৰা, জয়ন্ত দাস আৰু চম্পক ডেকা, ৰঙিয়া ৰাজহ চক্ৰ (সংলগ্ন ) বিষয়া মনিকংকনা ভট্টাচাৰ্য্য প্ৰমূখ্যে ভালেকেইজন বিষয়া-কৰ্মচাৰী কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সহযোগত ষ্ট্ৰংৰুম দুটা ছীল কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।