২০ হেজাৰ টকা চান্দা নিদিয়াৰ বাবে গৰু চোৰৰ অভিযোগত যুৱকক প্ৰহাৰ

 04/19/2019 - 13:34

কলগাছিয়া: বিশ্বনাথ চাৰিআলিৰ অমানৱীয় ঘটনাৰ পিছত এইবাৰ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেচিমাৰী গাঁওত সংঘটিত হৈছে আন এক ঘটনা। এইবাৰ মাংস বিক্ৰীৰ বাবে নহয়।

এইবাৰ মুছলিম সম্প্ৰদায়ৰ এজন চালকক দাবী কৰা ২০ হেজাৰ টকা চান্দা নিদিয়াৰ বাবেই গৰু চোৰৰ অভিযোগ আনি মাইন উদ্দীন নামৰ এজন চালকজনক মাৰপিট কৰে একাংশ দুৰ্বৃত্তই। লগতে যুৱকজনৰ AS 15AC 1760 নম্বৰৰ গাড়ীখন ভাঙি চিঙি জ্বলাই দিয়ে দুৰ্বৃত্তকেইজনে।

উল্লেখ্যে যে, মাইন উদ্দীন নামৰ গাড়ী চালকজনে বঙাইগাঁও জিলাৰ বাংলাপাৰাত চিমেণ্ট নমাই ঘৰলৈ আহি থকা অৱস্থাত বেচিমাৰী চকত নিশা ৮:৩০ মান বজাত কেইজনমান উদণ্ড যুৱকে গাড়ীখন ৰখাই মাইন উদ্দীনক সোধপোচ কৰে।

নাম শুনাৰ পিছতেই বিভিন্ন গালি গালাছ পাৰি ২০ হেজাৰ টকা চান্দা বিচাৰে। চান্দা দিব নোৱাৰাত গৰু চোৰ বুলি মাৰপিট কৰি গাড়ীখন জ্বলাই দিয়ে।

পিছত মানিকপুৰ আৰক্ষীৰ উদ্যোগত মাইন উদ্দীনক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰা হৈছে।

ৰাইজেই ইয়াৰ উচিত ন্যায়ৰ দাবী উত্থাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।