যোৰহাটত অসম দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

 12/02/2019 - 15:16

যোৰহাটঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসন তথা টাই আহোম সংগঠন সমন্বয়ৰক্ষী সমিতিৰ সহযোগত সোমবাৰে যোৰহাটৰ মহবন্ধাস্থিত স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত অসম দিৱস তথা চুকাফা দিৱস অনুষ্ঠিত হয়। এই দিৱসত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থাকি পূৰ্ব পুৰুষ সকলক সোৱঁৰী পূজা কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে চুকাফাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলী অৰ্পণ কৰে। অসমৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলে উপস্থিত থকা এই অসম দিৱস উপলক্ষে অনুষ্ঠিত হোৱা সভাত মুখ্যমন্ত্ৰীয়ে ভাগ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.