ডনক ডক্টৰেট সন্মান দিয়াত বাধা চৰকাৰৰ, কিয়? জানিবলৈ পঢ়ক এই বাতৰি

 02/22/2019 - 22:16

ডিজিটেল ডেস্কঃ জামিয়া মিলিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানক প্ৰদান কৰিব খুজিছিল সন্মানীয় ডক্টৰেট সন্মান৷বলিউডৰ ডন শ্বাহৰুখ খানক দিব খোজা এই সন্মানত বাধা হৈ থিয় দিছে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়৷

মানৱ সম্পদ মন্ত্ৰালয়ে এই সন্মান দিব নোৱাৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে৷পিটিআইৰ খবৰ মতে, জামিয়া-মিলিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব খুজি মানৱ সম্পদ মন্ত্ৰালয়ক এক পত্ৰ যোগে অৱগত কৰিছিল৷

শ্বাহৰুখ খানে নিজেও এই সন্মান লবলৈ সন্মতি প্ৰদান কৰিছিল যদিও মানৱ সম্পদ মন্ত্ৰালয়ে এই সন্মান দিয়াত বাধা প্ৰদান কৰে৷মানৱ সম্পদ মন্ত্ৰালয়ৰ মতে, শ্বাহৰুখ খানক ইয়াৰ পূৰ্বেই মৌলানা আজাদ জাতীয় বিশ্ববিদ্যালয়ে ২০১৬ চনতে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে৷যাৰ বাবে দেশৰ কোনো দ্বিতীয় বিশ্ববিদ্যালয়ে শ্বাহৰুখ খানক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব নোৱাৰিব৷

আনহাতে এগৰাকী লোকক দুনাই ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব নোৱাৰিব বুলি কোনো আইন নাই বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, জামিয়া-মলিয়া বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল শ্বাহৰুখ খান৷শ্বাহৰুখ মাছ কমিউনিকেছনৰ ছাত্ৰ আছিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।