তামুলপুৰত নৱ কুমাৰ শৰণীয়াৰ সমৰ্থকৰ বাইক ৰেলি

 04/19/2019 - 15:45

তামুলপুৰ: সপ্তদশ লোকসভা (তৃতীয় পৰ্যায়) নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে ৫ নং লোকসভা সমষ্টিৰ বিভিন্ন দল সংগঠনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য তংগত উঠিছে। বৰ্তমানৰ সংসদ নৱ কুমাৰ শৰণীয়াই সমষ্টিটোৰ পৰা পুনৰবাৰ জয় হোৱাৰ বাবে দিনে নিশাই অব্যাহত ৰাখিছে প্ৰচাৰ কাৰ্য।

আজি তামুলপুৰ মেডিকেল চকৰ পৰা তেওঁৰ সমৰ্থকসকলে এক বাইক ৰেলিৰে প্ৰচাৰ চলায়। ৰেলিটোৰ পতাকা উত্তোলন কৰে তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিৰ সভাপতি বৰুণ কলিতাই। ৰেলিটো অংশগ্ৰহণকাৰীসকলে টৰ্চ লাইটৰ ছবিত ভোট দিয়ক, নৱ কুমাৰ শৰণীয়া জিন্দাবাদ, নৱ কুমাৰ শৰণীয়াৰ জয়ে ৰাইজৰ জয়, আদি শ্ল'গানেৰে তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে।

ৰেলিটো তামুলপুৰ মহকুমা সদৰৰ মাজেৰে গৈ তামুলপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত পৰিভ্ৰমণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।