ডবকাত অসম দিৱস উদযাপন

 12/03/2019 - 12:04

ডবকাঃ জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষ সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি, বৰ অসমৰ ভেটি আৰু বৃহত্তৰ অসমীয়া জাতি প্ৰতিষ্ঠা কৰি যোৱা মহা মানব তথা অসমীয়া জাতিৰ পিতৃ পুৰুষ স্বৰ্গদেউ চাওলুং চুকাফাৰ মহান আদৰ্শ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই লগতে স্বদেশ আৰু স্বজাতিৰ সুৰক্ষাৰ স্বাৰ্থত জীৱন আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই স্বৰ্গদেউ চাওলুং চুকাফা নীতি-আদৰ্শৰে বৰ অসমৰ ভেটি আৰু বৃহত্তৰ অসমীয়া জাতি পুনৰ গঢ় দিয়াৰ লক্ষ্যৰে বিগত ২০১২ চনৰ ২ ডিচেম্বৰ তাৰিখ(চুকাফা দিবস/অসম দিবস)ৰ দিনা গঠিত অসম জাতীয় সেনাৰ হোজাই জিলা সমিতিৰ উদ্যোগত সন্ধিয়া হোজাই জিলাৰ ডবকা পুলিচ পইন্টত এখনি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অসম দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত অসম জাতীয় সেনাৰ হোজাই জিলা সমিতিৰ পৰিচালক ইকবল হুছেইনৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া আৰু স্থানীয়লোক উপস্থিত থাকে। লগতে অসম জাতীয় সেনাৰ নেতা ইকবালে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান কৰি কয় যে কেব আনিলে চৰকাৰে পৰিনাম ভুগিব লাগিব৷ অসমৰ অসমীয়াৰ অস্তিত্বক লৈ খেল নেখেলিবলৈ চৰকাৰক সকীয়াই দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।