কংগ্ৰেছ, এআইইউডিএফ বৰপেটাত ফেক্টৰ নহয়ঃ এছাহাক আলী দেৱান

 04/19/2019 - 17:19

হাউলী: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্র কেইটামান দিন বাকী থকাৰ মাজতে বৰপেটা লোকসভা সমষ্টিত প্ৰচাৰ চলাবলৈ আহিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে। ইয়াৰ মাজতে ৬ নং বৰপেটা লোকসভা সমষ্টিৰ তৃণমুল কংগ্ৰেছৰ প্ৰাৰ্থী এছাহাক দেৱানে বাটে ঘাটে চলাইছে নিৰ্বাচনী প্ৰচাৰ। য'তেই মানুহ দেখিছে তাতেই নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত।

উল্লেখ্য যে, আজি হাউলীৰ কালঝাৰত নিৰ্বাচনী প্ৰচাৰ চলাই থকা অৱস্থাত তৃণমুল কংগ্ৰেছৰ প্ৰাৰ্থী এছাহাক দেৱানৰ লগত সাংবাদিকৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত অসমৰ প্ৰক্তন মুখ্যমন্ত্রী তৰুণ গগৈ আৰু এআইইউডিএফৰ মুৰব্বী বদৰউদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰে।

লগতে বৰপেটাত কংগ্ৰেছ আৰু এআইইউডিএফ কোনো ফেক্টৰ নহয় বুলিও তেওঁ মন্তব্য কৰে। নিৰ্বাচনত বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ লগত তেওঁৰ মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি তেওঁ দাবী কৰে।

ইয়াৰ উপৰি গণতন্ত্র ৰক্ষা কৰিবলৈ তৃণমুল কংগ্ৰেছক ভোট দিবলৈ তেওঁ অহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।