মোডীক ভোট নিদিলে পাপ হ'ব: মুখ্যমন্ত্ৰী

 04/19/2019 - 18:37

গুৱাহাটী: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পিছতে তৃতীয় পৰ্যায়ৰ ভোট হ'বলগীয়া সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে বিজেপিয়ে৷ আজি ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ভাংনামাৰী চৰত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বৰক্ষেত্ৰী চৰত বিজেপি নেতা কৰ্মীৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লয় কংগ্ৰেছক৷ ৭ নং গুৱাহাটী লোকসভাৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ হেলিকপ্টাৰৰে আহি চৰাঞ্চলত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সোণোৱালে৷

সোণোৱালে কয় যে, আজান আৰু মুছলমান লোকক লৈ ৰাজনীতি কৰিছে কংগ্ৰেছে৷ বিজেপিয়ে কেতিয়াও আজান আৰু মুছলমান লোকক লৈ ৰাজনীতি কৰা নাই৷ মুছলমানক সুৰক্ষা বিজেপি চৰকাৰেহে দিছে বুলি তেওঁ উল্লেখ কৰে।

এনআৰচি আৰু ডি ভোটাৰক লৈ কাকো শংকিত নহবলৈ আৰু মোডীক ভোট নিদিলে পাপ হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্রীগৰাকীয়ে।

চৰাঞ্চলত মুখ্যমন্ত্ৰীক সংগ দিলে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই। কিন্তু মুখ্যমন্ত্ৰীৰ সভাত উপস্থিত নাথাকিল ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।