চাৰিদুৱাৰত ৰঙালী বিহু উপলক্ষে সাংস্কৃতিক অনুষ্ঠান 

 04/19/2019 - 20:37

ৰঙাপৰা ঃ সমগ্র ৰাজ্যতে হেঁপাহৰ ৰঙালী বিহু বিভিন্ন বৰ্ণাঢ্য কায্যসূচীৰে চলি থকাৰ সময়তে আজি বিয়লি চাৰিদুৱাৰ নামঘৰ প্ৰাংগনত অনুষ্ঠিত হয় বিহুনাচ আৰু ঢোলবাদনৰ ১৫ দিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠান তথা বাৰেবৰণীয়া সাংস্কৃতিক সমাৰোহ।

অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকে প্ৰমুখ্য কৰি আছুৰ কেন্দ্ৰীয় বিষয়বৱীয়া, চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডঃ সূৰ্য্যকমল বৰা আৰু সহযোগী সংগঠনসমূহৰ নেতৃবৃন্দ উপস্থিত থাকে। লগতে উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী, বিহুকুঁৱৰী তৃষ্ণা কুৰ্মী। অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

লগতে পৰিবেশন কৰা হয় বিহুনাচ/ঢোলবাদনৰ অনুষ্ঠান,বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্যানুষ্ঠান, তেজপুৰৰ মাইহাং দল, জামুগুৰিৰ বিহুদল, আমন্ত্ৰিত সত্ৰীয়া নৃত্য, দলীয় আধুনিক নৃত্য, হুঁচৰিৰ দল, কৌতুক আদিৰ উপৰি তেজপুৰ, জামুগুৰি, বঙাইগাঁৱৰ আমন্ত্ৰিতৰ লগতে অঞ্চলটোৰ স্থানীয় মুঠ ১৮ গৰাকী কণ্ঠশিল্পীয়ে মুকলি পথাৰত ব্যতিক্ৰম চিন্তাৰে তৈয়াৰী পৰিবেশৰ আবেষ্টনীত গীত পৰিবেশন কৰে।

ইয়াৰোপৰি বিগত সময়বোৰত স্থানীয় ধাই-মাতৃ, কুটিৰ শিল্পী, কমাৰ, কুমাৰ, খেলুৱৈ, চিকিস্যক, কবি, সাহিত্যিক, গায়ক, শিক্ষাগুৰু, নামঘৰীয়া, গায়ন-বায়ন, সাংস্কৃতিক প্ৰতিভাধাৰীসকলক সময়ে সময়ে বালিপৰা আঞ্চলিক ছাত্ৰই সম্বৰ্ধনা দি থকাৰ অনুৰূপ পদক্ষেপৰ ধাৰাক আগুৱাই নি এইবাৰো অঞ্চলটোৰ ১৮ গৰাকী সুসন্তান স্থানীয় চিকিৎসকক এই অনুষ্ঠানতে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

উক্ত অনুষ্ঠানটোৰ বাবে সমগ্র অঞ্চলটোৰ ৰাইজৰ মাজত উৎসাহ-উদ্দীপনা দেখিবলৈ পোৱা যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।