হাটশিঙিমাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিশাল নিৰ্বাচনী সভা

 04/19/2019 - 20:49

হাটশিঙিমাৰীঃ ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্রার্থী আবু তাহেৰ বেপাৰীৰ হৈ আজি আবেলি ৩ বজাত হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ হেলিকপ্টাৰ যোগে উপস্থিত হৈ এক বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়।

সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক বিল কংগ্ৰেছ চৰকাৰ আহিলে বাতিল কৰিব আৰু বিজেপি চৰকাৰ আহিলে হিন্দু ৰাষ্ট্ৰ বনাব বুলি গগৈয়ে মন্তব্য কৰি এআইইউডিএফ সাম্প্ৰদায়িক দল সেয়েহে এই দলক ভোট নিদিবলৈ ৰাইজক আহ্বান জনায়। ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক বিপুল ভোটত জয় যুক্ত কৰিবলৈ আহ্বান জনায় গগৈয়ে।

উক্ত জনসভাত উপস্থিত থাকে মানকাচৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডল, বিভিন্ন স্তৰৰ কংগ্ৰেছ কৰ্মীৰ লগতে বহুতো জনসাধাৰণ।    

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।