বিজনীত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ নিৰ্বাচনী প্ৰচাৰ

 04/19/2019 - 21:00

বিজনীঃ ৰাজ্যখনৰ অন্তিম তথা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ চিৰাং জিলাত নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰাজনৈতিক দল সমূহে প্ৰচাৰ সভা ব্যাপক কৰি তুলিছে৷ চিৰাং জিলাৰ বিজনী চহৰৰ বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আজি আবেলি চিপিআই (এম)ৰ মনোনীত প্ৰাৰ্থী বিৰাজ ডেকাৰ সমৰ্থনত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দেশৰ বিশিষ্ট ৰাজনীতিক মাণিক সৰকাৰে প্ৰচাৰ সভাত অংশ লয়৷

এইবাৰ দেশৰ সৰ্বকনিষ্ঠ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়োৱা ২৬ বছৰীয়া বিৰাজ ডেকাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে দেশত বাঁওপন্থী সাংসদৰ সংখ্যা বৃদ্ধি কৰি মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিবলৈ নৱ প্ৰজন্মৰ যুৱক বিৰাজ ডেকাক সমৰ্থন জনাই সাংসদ নিৰ্বাচিত কৰিবলৈ ৰাইজলৈ আহ্বান জনায়৷ মাণিক চৰকাৰে ভাষণত কয় যে দেশত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পাছত সাম্প্ৰদায়িক সংঘাত বৃদ্ধি পাইছে৷

দেশত বিজেপি দলে প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰিলে যদিও সৰ্বসাধাৰণ জনতাৰ কোনো পৰিৱৰ্তন হোৱা নাই৷ সৰ্বসাধাৰণ জনতাক উন্নয়ন সধাৰ বিপৰীতে পুঁজিপতিকহে ধনী কৰিছে৷ মূল্যবৃদ্ধি বাঢ়িছে৷ দেশত হিন্দু ৰাষ্ট্ৰ গঠনৰ প্ৰচেষ্টা কৰি থকাৰ বাবে বিজেপিক ৰাইজে প্ৰত্যাখ্যান কৰা উচিত বুলিও মন্তব্য কৰে৷

দলৰ বঙাইগাঁও-চিৰাং জিলা সমিতিৰ সাধাৰণ সম্পাদক পৰিমল চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত সভাত দলীয় প্ৰাৰ্থী বিৰাজ ডেকাই কোকৰাঝাৰ সমষ্টিত বড়ো-অবড়ো, হিন্দু-মুছলিমৰ নামত ৰাজনীতি চলি থকা কাৰ্যত উদ্বেগ প্ৰকাশ কৰি তেওঁ ইয়াৰ জৰিয়তে ঐক্য লগতে উন্নয়নৰ পৰা আঁতৰাই ৰখা হৈছে বুলি মত ব্যক্ত কৰে৷ চিপিআইএম দলে বিগত সময়ছোৱাত ৰাইজৰ স'তে ঐক্যতাৰে কাম কৰি আহিছে৷

নিৰ্বাচনত তেওঁ ইয়াৰ বাবে ৰাইজক সকলো জাতি গোষ্ঠীৰ মাজত সমন্বয় সৃষ্টিৰ হকে তেওঁলৈ সমৰ্থন জনাবলৈ আহ্বান জনায়৷ তেওঁ সাংসদ নিৰ্বাচিত হ'লে মূল্যবোধৰ ৰাজনীতিৰে ৰাইজৰ দুখ-দুৰ্দশা, নিবনুৱা সংস্থাপনত গুৰুত্ব দিব বুলি কয়৷ সভাত দলৰ ৰাজ্যিক সমিতিৰ সম্পাদক মনোৰঞ্জন তালুকদাৰে বিজেপি, কংগ্ৰেছ, বিপিএফ দলক তীব্ৰ সমালোচনা কৰে৷

সভাত দলৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মণেও ভাষণত যুৱ নেতা বিৰাজ ডেকাক দলৰ কাঁচি হাতুৰী আৰু তৰাৰ ছবিত ভোটদান কৰিবলৈ আহ্বান জনায়৷ উক্ত নিৰ্বাচনী সভাত প্ৰায় এক হাজাৰৰ অধিক লোক সভাত অংশ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।