নাগ্ৰীজুলিত বিপিএফৰ মনোনীত প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ নিৰ্বাচনী সভা

 04/19/2019 - 21:24

তামুলপুৰঃ নিখিল বড়ো ছাত্ৰ সন্থা হৈছে ছাত্র সকলৰ এটা সংগঠন। ছাত্র সংগঠনটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উন্নয়নৰ দিশটো চিন্তা-চৰ্চা কৰিব লাগে। তাকে নকৰি ছাত্র সংগঠনটোৱে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলক আন্দোলন কৰিবলৈ ৰাজপথলৈ নমাইছে। ৰাজনীতিত অংশগ্ৰহণ কৰাইছে। ইয়াৰ ফলত বিশেষকৈ বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশত ক্ষতিগ্ৰস্ত হৈছে।

এই ভাষ্য তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ বিভাগৰ অধ্যক্ষ আৰু বিপিএফ দলৰ সাধাৰণ সম্পাদক ইমানুৱেল মোছাহাৰীৰ। ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ মনোনীত আৰু বিজেপি-অগপ দলৰ মনোনীত প্ৰাৰ্থী প্ৰমিলাৰণী ব্ৰহ্মৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আজি বাক্সা জিলাৰ নাগ্ৰীজুলিত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত বিধায়কগৰাকীয়ে এই মন্তব্য আগবঢ়ায়।

ভাষণত বিধায়কগৰাকীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মক সমালোচনা কৰি কয় যে ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি উন্নয়নৰ একো কাম কৰিব নোৱাৰিলে ইউ জি ব্ৰহ্মই। এইবাৰৰ লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হলে ইউ জি ব্ৰহ্মই ৰাইজৰ উন্নয়নৰ হকে কি কাম কৰিব বুলিও বিধায়কগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।

ইউপিপিএল দলে সমষ্টিটোত বড়ো জনগোষ্ঠীৰ পৰা ৮০ শতাংশতকৈ অধিক ভোট লাভ কৰিব বুলি সভাই-সমিতিয়ে কৰি অহা দাবীক নস্যাৎ কৰি বিধায়কগৰাকীয়ে কয় যে এইবাৰৰ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই বড়ো জনগোষ্ঠীৰ পঞ্চাশ শতাংশতকৈও অধিক ভোট লাভ কৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰে। ভাষণত বিধায়কগৰাকীয়ে বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াকো ক্ষুৰধাৰ সমালোচনা কৰে।

তেওঁ কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিত বিগত পাঁচটা বছৰত নৱ কুমাৰ শৰণীয়াই কি কাম কৰিছে বা কোনটো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ কাম কৰিছে সেয়া ৰাইজে দেখা পাইছে। সাম্প্ৰতিক সময়ত সাম্প্ৰদায়িক মানোভাৱেৰে ৰাজনীতি কৰা নৱ কুমাৰ শৰণীয়াই বিগত পাঁচটা বছৰে ৰাইজক লাড্ডু বনোৱা বুলিও কটাক্ষ কৰে মোছাহাৰীয়ে।

বড়ো অবড়োৰ নামত বিভাজন আনি সমগ্ৰ বিটিএডিতেই এক অশান্তিকৰ পৰিবেশ সৃষ্টি কৰাৰ উপৰি বিটিচি চুক্তি ভংগ কৰা, বিটিচিৰ পৰা অবড়ো গাঁও কৰ্তন কৰা আদিকে ধৰি কেবাটাও মিছা প্ৰতিশ্ৰুতি দি ৰাইজক আভুৱা ভাৰী থকা কথা এতিয়া ৰাইজে বুজি পাইছে আৰু নৱ কুমাৰ শৰণীয়াৰ প্ৰতি ৰাইজৰ মোহ ভঙ্গ হৈছে।

ভাষণ প্ৰসংগত বিপিএফ নেতাগৰাকীয়ে কয় যে বিপিএফ দল বিটিএডিত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্মাৱলম্বী, ভাষা-ভাষী লোকক লৈ গঠিত হোৱা এটা ৰাজনৈতিক দল। জন্ম লগ্নৰে পৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্ৰশাসনে উন্নয়নৰ কামৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাই।

তেওঁ স্বাধীনোত্তৰ কালত বৰ্তমানৰ বিটিএডি অঞ্চল উন্নয়নৰ ক্ষেত্ৰত অৱহেলিত হৈ থকা বুলি উল্লেখ কৰি বিটিচি গঠন হোৱাৰ পিছৰে পৰাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্ৰশাসনে উন্নয়নৰ দিশত কৃষি, শিক্ষা, স্বাস্থ্য, যাতায়ত আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধন হোৱা বুলি মন্তব্য কৰি বিটিএডি অঞ্চলৰ বিভিন্ন ফলপ্ৰসূ আঁচনিৰ ৰূপায়ন আৰু উন্নয়নৰ খতিয়ান দাঙি ধৰে।

বিটিএডিৰ উন্নয়ন আৰু অধিক ক্ষিপ্ৰতৰ কৰাৰ স্বাৰ্থত আৰু কেন্দ্ৰত আকৌ এবাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰ গঠন কৰাৰ বাবে বিজেপি-অগপ দলৰ সমৰ্থিত আৰু বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী প্ৰমিলাৰণী ব্ৰহ্মক ভোট দান কৰাৰ লগতে বিপিএফ নেতৃত্বাধীন বিটিচি প্ৰশাসনৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ হাত সবল কৰিবলৈ ইমানুৱেল মোছাহাৰীয়ে ৰাইজক আহ্বান জনায়।

নাগ্ৰীজুলি ব্লক বিপিএফ নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি নৱ কুমাৰ সৰকাৰৰ পৌৰহিত্যত অনুষ্ঠিত সভাত উপস্থিত থাকি দলীয় প্ৰাৰ্থী প্ৰমিলাৰণী ব্ৰহ্মই কয় যে বিগত সময়ত হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বিটিচি প্ৰশাসনে উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে। নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দল-সংগঠনে হাগ্ৰামা মহিলাৰীয়ে একো উন্নয়ন কৰা নাই বুলি কোৱা কথা হাস্যকৰ বুলি মন্তব্য কৰি তেওঁ কয় যে স্বাধীনতাৰ ৭০ বছৰৰ পিছতো উন্নয়নৰ মুখ নেদেখা বিটিএডি অঞ্চলত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্ৰশাসনে উন্নয়ন তৰান্বিত কৰিছে।

মাত্ৰ ১৭ টা বছৰ শাসন চলাই বিটিচি প্ৰশাসনে যি উন্নয়ন সাধন কৰিছে সেয়া এক বিৰল দৃষ্টান্ত। বিপিএফ দলৰ তামুলপুৰ জিলা সংখ্যালঘু কোষৰ সভাপতি আলাউদ্দীন আহমেদে আঁত ধৰা সভা খনত উপস্থিত থাকি বিধায়ক চৰণ বড়ো, কমলীৰাণী বসুমতাৰী, মনেশ্বৰ বড়ো, বিটিচিৰ একমাত্ৰ বিজেপিৰ এমচিএলএ ধৰ্মনাৰায়ণ দাস, বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য চাহাবুদ্দিন আহমেদে প্ৰমিলাৰণী ব্ৰহ্মৰ সমৰ্থনত ভাষণ আগবঢ়ায় আৰু বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী প্ৰমিলাৰণী ব্ৰহ্মক ভোটদান কৰিলে সৰ্বস্তৰৰ ৰাইজৰ কি ধৰণে উন্নয়ন সাধন হব তাক বিতংকৈ বাখ্যা কৰে।

সভাত বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰী, সদৌ বড়ো মহিলা কল্যান পৰিষদৰ সভানেত্ৰী বিভাৰাণী নাৰ্জাৰী, বিপিএফ দলৰ মহিলা কোষৰ সভানেত্ৰী সুপ্ৰিয়াৰাণী ব্ৰহ্ম, নাগ্ৰীজুলি ব্লক বিপিএফৰ সভাপতি খেম বাহাদুৰ থাপা, নাগ্ৰীজুলি ভিচিডিচিৰ অধ্যক্ষ প্ৰদীপ সৰকাৰ, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীকে ধৰি কেইবা গৰাকীও দলীয় নেতা-কৰ্মী উপস্থিত থাকে। ইপিনে আজিৰ এই সভাত নাগ্ৰীজুলি ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাণজিত কুমাৰ বিশ্বাসৰ নেতৃত্বত ১৫ গৰাকীকৈ কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।