খাৰুপেটীয়াৰ অশোকাষ্টমী মেলাত জুৱাৰ পয়োভৰ: সৰ্বস্ৰান্ত বহু স্কুলীয়া ছাত্ৰ-ব্যৱসায়ী

 04/20/2019 - 12:23

খাৰুপেটীয়া: দৰঙৰ ধূলা থানাৰ অন্তৰ্গত ঠাকুৰপট্ৰী মেলাঘাটত আৰম্ভ হৈছে অশোকাষ্টমী মেলা। জিলাখনৰ বৃহৎ মেলাখনত বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন ধৰণৰ দোকান পোহাৰ, খেল -ধেমালি, গান বাজনা আদিৰে ভৰি পৰিছে মেলাস্হলী। যাৰ ফলত খাৰুপেটীয়াৰ মেলাস্হলীত সমাগম ঘটিছে অগনণ কন কন শিশু, কিশোৰ-কিশোৰীৰ পৰা বৃদ্ধ- বনিতালৈ। আৰম্ভ হৈছে লাখ লাখ টকাৰ ব্যৱসায় বাণিজ্য।

ইয়াৰ বিপৰীতে একাংশ অসাধু সমাজ বিৰোধী লোকে অশোকাষ্টমী মেলাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ জুৱা খেল। এইসকল দুষ্ট চক্ৰই খাৰুপেটীয়াৰ অচিনতলাৰ পৰা আৰম্ভ কৰি পথাৰৰ মাজেৰে মেলা ঘাটলৈ যোৱা পথ চোৱাত পুৱাৰ পৰা নিশালৈ চলাই গৈছে ভাব্বু , তিনি তাচ, ডাইচ আদি বিভিন্ন জুৱা খেলৰ মুকলি বজাৰ। মুকলিভাবে পুৱাৰ পৰা নিশালৈ চলা লাখ লাখ টকাৰ এনে জুৱা খেলৰ প্ৰতি আসক্ত হৈ সৰ্বস্বান্ত হৈ পৰিছে সম্ভ্ৰান্ত পৰিয়ালৰ বহু শিক্ষিত যুৱক তথা যুৱ ব্যৱসায়ীসকল।

বহু যুৱকে জুৱা খেলৰ বাবে টকা নথকাত নামী দামী কোম্পানীৰ ম'বাইল, চাইকেল, বাইক আদিও বন্ধকত থৈ জুৱা খেলত লিপ্ত হৈ সৰ্বস্ৰান্ত হোৱা বুলি একাংশ অভিভাৱকে সংবাদ মাধ্যমক অৱগত কৰে।

উল্লেখযোগ্য যে, ধূলা থানাৰ অন্তৰ্গত খাৰুপেটীয়া অশোকাষ্টমী মেলাৰ সুযোগ গ্ৰহণ কৰি হাট বজাৰৰ দৰে চলি থকা উক্ত জুৱা খেলে সামাজিক পৰিৱেশ বিনষ্ট কৰাত অতিষ্ঠ হৈ ইস্তাহাৰ ফ্ৰন্ট নামৰ সংগঠনটোৰ সাধাৰণ সম্পাদক নুৰ ইছলামে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, ধূলা থানাৰ অন্তৰ্গত অশোকাষ্টমী মেলা আৰু খাৰুপেটীয়া থানাৰ অন্তৰ্গত মেলা ঘাটলৈ যোৱা পথচোৱাত দিন দুপৰতে মুকলিভাৱে চলি থকা জুৱা খেল বন্ধ নোহোৱাৰ কাৰণ কি?

দৰঙৰ আৰক্ষী অধীক্ষকৰ লগতে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালক অভিযোগ দিয়াৰ পিছত এদিনৰ বাবে জুৱা বন্ধ হৈছিল যদিও পুনৰ চলিছে লাখ লাখ টকাৰ জোৱাৰ বেহা। লগতে তেওঁ জনায় যে, উৰ্ধতম কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিছতো জুৱাৰীৰ বিৰুদ্ধে দৰং আৰক্ষীয়ে কিয় কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নাই, ইয়াৰ আঁৰৰ ৰহস্য কি বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে।

উল্লেখযোগ্য যে, উক্ত এলেকাত দুখনকৈ বিদ্যালয় নিচেই কাষতে ছাত্ৰ ছাত্ৰীৰ সন্মুখতে চলি থকা জুৱাৰ বিৰুদ্ধে ধূলা আৰু খাৰুপেটীয়া আৰক্ষীৰ দলে মাজে সময়ে উপস্থিত হৈ খেলসমূহ বন্ধ কৰে যদিও আৰক্ষী ঘূৰি অহাৰ পিছতেই পুনৰ আৰম্ভ হয় জুৱাৰীৰ আধিপত্য।

পবিত্ৰ অশোকাষ্টমী মেলাৰ সুযোগ লৈ মুকলি ভাবে চলি থকা জুৱা খেলৰ বিৰুদ্ধে প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।