চুলাই, কোনে প্ৰাণ ললে ৮৮গৰাকী খাটিখোৱা শ্ৰমিকৰ...সবিশেষ জানিবলৈ পঢ়ক এই বাতৰি

 02/23/2019 - 16:13

গোলাঘাটঃ ২০১৬ চনত অসম বিধানসভাৰ নিৰ্বাচনৰ সময়ত অলেখ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপি দলে৷ শ-শ প্ৰতিশ্ৰুতি প্ৰদান কৰি মানুহৰ মনলৈ আনন্দ আনি দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ জাতি, মাটি, ভেটিৰ সুৰক্ষা দিয়াৰ কথা কৈ অসমৰ মানুহক আবেগিক কৰিছিল বিজেপি দলৰ বৰ বৰ নেতাই৷ তিনিটা বছৰ পাৰ হৈ গ’ল কিন্তু বিজেপিৰ বহু প্ৰতিশ্ৰুতি আজি অসাৰ প্ৰতিপন্ন হৈ পৰিল৷ মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ কথা কৈ বিজেপি দলে অসমৰ সকলো প্ৰকাৰৰ লোকৰ সমৰ্থন লাভ কৰি দিছপুৰৰ মচনদ দখল কৰে৷

বিজেপি দলে অসমত চৰকাৰ গঠন কৰি নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি সফল ৰূপায়ন নকৰি হিন্দু-মুছলমানৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰাৰহে অভিযোগ উত্থাপন হৈ আহিছে৷ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি দলে অসমত চৰকাৰ গঠন কৰিয়েই ৰাজহ সংগ্ৰহৰ স্বাৰ্থত গ্ৰাম্য এলেকাত চুলাই মদৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ কাৰ্যপন্থা হাতত লোৱা পৰিলক্ষিত হৈছিল৷ মাদক দ্ৰব্য সমাজৰ বাবে ক্ষতিকাৰক তথা বৰবিহ বুলি জনাৰ পিছতো চৰকাৰখনে পেকেটত ভৰাই ‘ৰাইন’ ’ নামেৰে চহৰ আৰু জকাইচুকত মদ বিক্ৰী আৰু সেৱন কৰাৰ বাবে সাধাৰণ লোকক উৎসাহিত কৰে৷

যাৰ ফলত অসমত বিশেষকৈ চাহ বাগিচা এলেকাত মদৰ প্ৰতি একাংশ লোক নতুনকৈ আসক্ত হোৱা বুলি ধাৰণা কৰিব পাৰি৷ যেতিয়া ৰাইজৰ কল্যাণৰ বাবে গঠন হোৱা চৰকাৰখনেই সাধাৰণ লোকক মদ্যপান কৰিবলৈ উৎসাহী কৰে তেতিয়াই সমাজত অথন্তৰ সংঘটিত হোৱাটোৱে স্বাভাৱিক৷ চৰকাৰে চুলাই মদক পেকেটত ভৰাই বিক্ৰী কৰি ৰাজহ সংগ্ৰহ কৰাৰ সময়তে উজনি অসমত ঘৰতে তৈয়াৰ কৰা চুলাই মদ সেৱন কৰি ৪৮ ঘণ্টাৰ ভিতৰত ৮৮গৰাকী খাটিখোৱা শ্ৰমিকৰ মৃত্যু হৈছে৷

গোলাঘাটৰ শালমাৰা চাহ বাগিচা, তিতাবৰ বৰহোলা, মেৰাপানী, তেলীশাল, যোগীবাৰী, মৰাগাঁও, নগাবাট, ৰাইদাংজুৰী, গোবিণপুৰ, আদৰ্শ গমাৰি গাঁও আদিত এতিয়া সাধাৰণ লোকৰ মৃত্যুৰ কিৰিলি শুনা গৈছে৷ এটা এটা মুহূৰ্তৰ মূৰে মূৰে চিকিৎসালয়ৰ পৰা ইজনৰ পিছত সিজন লোকৰ মৃত্যুৰ খবৰ আহিব ধৰিছে৷ চিকিৎসালয়ত ভৰ্তি হৈ থকা লোকৰ মৃত্যুৰ খবৰ যিকোনো মুহূৰ্তত আহিব পাৰে বুলি পৰিয়ালৰ লোকৰ বুকু কঁপি উঠিছে৷ বাগিচাখনৰ লগতে বাগিচাখনৰ ওচৰ-পাজৰৰ কেইবাখনো গাঁৱৰ পুৰুষ-মহিলাই দুদিন পূৰ্বে অবৈধ চুলাই মদৰ ঘাটিৰ পৰা মদ্যপান কৰিছিল৷

জানিব পৰা মতে, শালবাৰী বাগিচা এলেকাত মদৰ ঘাটি একেবাৰে কম যদিও ওচৰৰ এখন চাহ বাগিচাৰ পৰা প্ৰায়ে অবৈধভাবে চুলাই সৰবৰাহ হয় বুলি জানিব পৰা গৈছে৷ গোলাঘাট জিলা প্ৰশাসনে লালীগুৰৰ এই কথা ভালকৈয়ে জানিছিল যে, জিলাখনৰ বিভিন্ন ঠাইত লালীগুৰৰ পৰা চুলাই মদ তৈয়াৰ কৰি বিক্ৰী কৰি থকা হৈছে৷ প্ৰশাসনে লালীগুৰৰ প্ৰচলন বন্ধ কৰিছিল যদিও একাংশ বিষয়াই ধন ঘটাৰ স্বাৰ্থত লালীগুৰৰ ব্যৱসায় অনায়াসে চলাই যোৱাৰ ক্ষেত্ৰত হাত উজান দিছিল বুলি অভিযোগ উত্থাপন হৈ আহিছে৷

আনহাতে একাংশ আবকাৰী বিষয়াই অবৈধ চুলাই ব্যৱসায়ীৰ পৰা নিয়মিত ধন সংগ্ৰহ কৰি অবৈধ চুলাই মদৰ ব্যৱসায় চলাই যোৱাত সহায় কৰিছিল৷ লালী গুৰৰ গুডামসমূহ জিলাখনৰ কোন ঠাইত আছে সেই কথাও হয়তো প্ৰশাসনে জানিছিল৷ ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ সোপাঢিলা নীতিৰ বাবেই ৮৮গৰাকী নিৰীহ লোকে অকালতে প্ৰাণ হেৰুৱাব লগা হ’ল৷ তাৰ বাবে দায়ী হ’ব কোন?চুলাই মদ ৰাইন’ নামেৰে পেকেটত ভৰাই বিক্ৰী কৰা চৰকাৰে মদ খাবলৈ আগ্ৰহী কৰাৰ বাবে দায়ী হ’ব নে নাই এনে প্ৰশ্ন উত্থাপন হ’ব ধৰিছে৷ ইচ্ছা কৰিলে চৰকাৰ প্ৰশাসনে লালীগুৰৰ গুদামসমূহ বন্ধ কৰিব পাৰিলেহেঁতেন৷ লালীগুৰৰ ঘাটি আৰু চুলাই মদৰ ঘাটি উচ্ছেদ কৰাৰ বাবে চৰকাৰে একো ব্যৱস্থা গ্ৰহণ নকৰিলে৷

যাৰ ফলত চাহ বাগিচাৰ শ্ৰমিক আৰু শ্ৰমিকৰ পৰিয়ালৰ ৮৮গৰাকী লোকে প্ৰাণ হেৰুৱালে৷ এই খবৰে প্ৰতিগৰাকী অসমীয়াক চিন্তিত কৰি তুলিছে৷ গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ শালমাৰী চাহ বাগিচাৰ ৮৮গৰাকী লোকে অবৈধ চুলাই সেৱন কৰি অকালতে প্ৰাণ হেৰুওৱাৰ ঘটনাৰ পিছতে চৰকাৰৰ কাৰ্যপন্থাক লৈও আঙুলি উঠিছে৷ মিথাইলৰ দৰে বিষাক্ত পদাৰ্থ মিহলি হোৱাৰ ফলতেই এনে ঘটনা সংঘটিত হোৱা বুলি প্ৰশাসনে সন্দেহ প্ৰকাশ কৰিছে৷ ৰাজ্য চৰকাৰৰ ৰাইন’ মদক প্ৰত্যাহ্বান জনাই ঘৰত তৈয়াৰ কৰা চুলাই মদ তৈয়াৰ কৰি ব্যৱসায় কৰাৰ ফলতেই বৃহৎ অঘটন সংঘটিত হোৱা বুলি ধাৰণা কৰিব পাৰি৷ অসম চৰকাৰৰ আবকাৰী নামৰ এটা বিভাগ থকাৰ পিছতো জিলাখনত অবৈধ চুলাই মদৰ বিক্ৰী কিয় বন্ধ কৰা নাছিল তাৰ উত্তৰ চৰকাৰে দিব লাগিব৷ লালীগুৰৰ প্ৰচলন সমগ্ৰ অসমত বন্ধ হৈ থকাৰ সময়তে গোলাঘাট জিলাত কেনেদৰে লালীগুৰেৰে চুলাই মদ তৈয়াৰ কৰি মুকলিকৈ বিক্ৰী কৰি থকা হৈছিল তাৰ উত্তৰো চৰকাৰে দিব লাগিব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।