খাৰুপেটীয়াৰ আলিকাষ বজাৰৰ কদৰ্যময় পৰিবেশ: লাখ লাখ টকা লুণ্ঠনৰ অভিযোগ

 04/20/2019 - 13:03

দলগাঁৱ: কোনো ধৰণৰ উন্নয়ন নহ'ল লাখ লাখ টকা আবন্টন দিয়া খাৰুপেটীয়াৰ আলিকাষ পশু বজাৰৰ। উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বহিঃৰাজ্যলৈ পাঁচলি আমদানি কৰা দৰঙৰ খাৰুপেটীয়াৰ আলিকাষ বজাৰৰ উন্নয়নৰ নমুনাই চকু কপালত তুলিছে ৰাইজৰ।

বিহুদিয়া গাওঁ পঞ্চায়তৰ বৃহৎ আলিকাষ পশু বজাৰত এজাক বৰষুণত একাঠু পানী জমা হৈ সৃষ্টি হোৱা বোকাময় পৰিবেশৰ বাবে যান বাহনৰ লগতে খোজ কাঢ়ি যোৱাটোও অসম্ভৱ হৈ পৰিছে। বোকা পানীৰ মাজতেই ক্ৰেতা বিক্ৰেতাই চলাই গৈছে ব্যৱসায়।

উল্লেখযোগ্য যে, দৰঙৰ দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ বিহুদিয়া গাওঁ পঞ্চায়তৰ আলিকাষ পশু বজাৰ উন্নয়নৰ নামত বিগত বৰ্ষবোৰত বিভিন্ন শিতানত লাখ লাখ টকা আবন্টন দিয়া হয় যদিও নামমাত্ৰ কাম কৰি সমুদায় ধন আত্মসাৎ কৰে একাংশ বিষয়া, পঞ্চায়ত প্ৰতিনিধি আৰু ঠিকাদাৰে।

দৈনিক বিভিন্ন ঠাইৰ পৰা বোকা পানী গচকি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা বজাৰখনলৈ অহা ব্যৱসায়ী আৰু কৃষকসকলে বজাৰখনৰ উন্নয়নৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবে দাবী জনায় চৰকাৰক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।